অসমীয়া মহিলাক অশ্লীল ইংগিত দিয়া বিহাৰীক ৰাজপথতে আঁঠু কঢ়ালে জাতীয় সংগ্ৰামী সেনাই
অসমীয়া মহিলাক অশ্লীল ইংগিত দিয়াৰ অভিযোগত বিহাৰৰ কৃষ্ণ শৰ্মাক ৰাজপথত আঠু কাঢ়ি ৰাজহুৱাকৈ ক্ষমা খোজালে জাতীয় সংগ্ৰামী সেনাই
NewzNow ডেস্ক · সম্পাদনা: Bidisha Borthakur
২ মিনিটত পঢ়িব পাৰি
Misbehaviour With Assamese Woman
ছবি: social media
অসম, ১১ নৱেম্বৰ, ২০২৬:
অসমীয়া মহিলাক অশ্লীল ইংগিত দি বিপাঙত বিহাৰৰ ব্যক্তি , ৰাজপথতে আঁঠু কাঢ়ি ক্ষমা খুজিলে কৃষ্ণ শৰ্মাই। দীপাৱলীৰ নিশা এগৰাকী অসমীয়া মহিলাক অশ্লীল ইংগিত দিয়াৰ লগতে শৰীৰত হাত দিয়াৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগত বিপাঙত পৰিছে বিহাৰৰ এজন ব্যক্তি। অভিযুক্ত ব্যক্তিজনৰ নাম কৃষ্ণ শৰ্মা বুলি জানিব পৰা গৈছে। মণিকা দাস নামৰ মহিলাগৰাকীয়ে তেওঁৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে।
ঘটনাটোৰ পিছতে জাতীয় সংগ্ৰামী সেনাৰ চিতু বৰুৱা আৰু সংগঠনটোৰ সদস্যসকলে কৃষ্ণ শৰ্মাক আটক কৰি ৰাজপথলৈ লৈ যায়। তাত তেওঁক আঁঠু কাঢ়িবলৈ বাধ্য কৰোৱাৰ লগতে মহিলাগৰাকী আৰু উপস্থিত ৰাইজৰ সন্মুখত ৰাজহুৱাভাৱে ক্ষমা খোজোৱা হয় বুলি জানিব পৰা গৈছে।
অৱশ্যে, কৃষ্ণ শৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত আৰক্ষীৰ আনুষ্ঠানিক বক্তব্য বা কোনো গোচৰ ৰুজু হোৱা তথ্য এই পৰ্যন্ত জানিব পৰা হোৱা নাই।
'আজিৰ পৰা কোনো অসমীয়া মহিলাক বেয়া ব্যৱহাৰ নকৰো, বেয়া ইংগিত নিদিওঁ,যদি ভবিষ্যতে এনে কাম কৰোঁ যি ব্যৱস্থা ল'ব মানি লম' বুলি শপত বাক্য পাঠ কৰাই দ্বিতীয়বাৰ এনে কাম কৰিলে অসমত থাকিবলৈ নিদিয়াৰ হুংকাৰ দিলে জাতীয় সংগ্ৰামী সেনাই লগতে ক'ত সাহস পালি এনেকৈ ক'বলৈ বুলি জাঙুৰ খাই উঠিছে ভুক্তভোগী মহিলাগৰাকীয়ে
এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এগৰাকী মহিলাৰ সৈতে এনে আচৰণৰ অভিযোগক লৈ ক্ষোভ প্ৰকাশ কৰিছে একাংশ লোকে।
পৰৱৰ্তী খবৰ →
আজিৰে পৰা আৰম্ভ ৭১সংখ্যক বৰদলৈ ট্ৰফীৰ ক্লাষ্টাৰ ৰাউণ্ড
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)
ভুল দেখিছে? আমাক জনাওক।