খাৰুপেটীয়াত প্ৰয়োজনীয় অৰ্হতা অবিহনে ৰেডিঅ’লজিষ্ট হিচাপে চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগত এজন লোক আৰু নিৰ্ণয় কেন্দ্ৰটোৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
দৰং, ১১ নৱেম্বৰ: দৰং জিলাৰ খাৰুপেটীয়াত প্ৰয়োজনীয় অৰ্হতা অবিহনে ৰেডিঅ’লজিষ্ট হিচাপে চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ হোৱা লোক দুজনক আতাউৰ ৰহমান আৰু মইনুদ্দিন আহমেদ বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত অৱস্থিত অসম ডায়েগনষ্টিক চেণ্টাৰত কৰ্মৰত আছিল আতাউৰ ৰহমান।
অসম মেডিকেল কাউন্সিলৰ অভিযোগৰ ভিত্তিত খাৰুপেটীয়া আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰে।
newznow.in