দৰং, ১১ নৱেম্বৰ: দৰং জিলাৰ খাৰুপেটীয়াত প্ৰয়োজনীয় অৰ্হতা অবিহনে ৰেডিঅ’লজিষ্ট হিচাপে চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নিৰ্ণয় কেন্দ্ৰটোৰ স্বত্বাধিকাৰীজনকো গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰ হোৱা লোক দুজনক আতাউৰ ৰহমান আৰু মইনুদ্দিন আহমেদ বুলি চিনাক্ত কৰা হৈছে। আতাউৰ ৰহমান মোল্লাপাৰা গাঁৱৰ বাসিন্দা। আনহাতে, নিৰ্ণয় কেন্দ্ৰটোৰ স্বত্বাধিকাৰী মইনুদ্দিন আহমেদ কুৱাৰী পুখুৰী গাঁৱৰ বাসিন্দা।

প্ৰাপ্ত তথ্য অনুসৰি, খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত অৱস্থিত অসম ডায়েগনষ্টিক চেণ্টাৰত কৰ্মৰত আছিল আতাউৰ ৰহমান। তেওঁ বাংলাদেশৰ পৰা MBBS ডিগ্ৰী লাভ কৰা বুলি জানিব পৰা গৈছে। কিন্তু প্ৰয়োজনীয় অৰ্হতা আৰু স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰ অবিহনে ৰেডিঅ’লজিষ্ট হিচাপে কাম কৰাৰ লগতে দীৰ্ঘদিন ধৰি ৰোগীৰ পৰীক্ষা-নিৰীক্ষাৰ প্ৰতিবেদনত ৰেডিঅ’লজিষ্ট হিচাপে স্বাক্ষৰ কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে।

অসম মেডিকেল কাউন্সিলৰ অভিযোগৰ ভিত্তিত খাৰুপেটীয়া আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰে। ইফালে, Pre-Conception and Pre-Natal Diagnostic Techniques (PC-PNDT) আইনৰ উলংঘনৰ অভিযোগত অসম মেডিকেল কাউন্সিলৰ Anti-Quackery and Vigilance Officerৰ নিৰ্দেশত নিৰ্ণয় কেন্দ্ৰটো বন্ধ কৰি ছীল কৰা হৈছে।

নিৰ্ণয় কেন্দ্ৰটোৰ বাহিৰত প্ৰদৰ্শিত ফলকত ডাঃ অৰ্জুন শৰ্মা আৰু ডাঃ অভিনৱ ভট্টাচাৰ্যৰ নাম উল্লেখ আছিল। ফলকখনত ডাঃ ভট্টাচাৰ্যৰ অৰ্হতা হিচাপে স্ত্ৰীৰোগ আৰু প্ৰসূতি বিজ্ঞানৰ MS ডিগ্ৰীৰ কথাও উল্লেখ কৰা হৈছিল।

ঘটনাটোক লৈ অধিক তদন্ত অব্যাহত আছে। অৱশ্যে নিৰ্ণয় কেন্দ্ৰটোত সংঘটিত হোৱা অভিযোগসমূহৰ সম্পূৰ্ণ তথ্য আৰু তদন্তৰ পৰৱৰ্তী অগ্ৰগতি এতিয়াও প্ৰকাশ পোৱা নাই।