ডিগবৈৰ ৰামনগৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বিনা হাজৰিকাৰ মালিকানাধীন ডিগবৈ গাৰ্ডেন কেফে।
তিনিচুকীয়া জিলাৰ ডিগবৈৰ ৰামনগৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হ’ল ডিগবৈ গাৰ্ডেন কেফে।
প্ৰাপ্ত তথ্য অনুসৰি, বিগত প্ৰায় দুমাহ ধৰি বন্ধ হৈ আছিল ৰামনগৰস্থিত ডিগবৈ গাৰ্ডেন কেফেখন।
উল্লেখ্য যে, যোৱা নিশা ডিগবৈ অঞ্চলত প্ৰচণ্ড ধুমুহা-বৰষুণ হৈছিল।
ইফালে, স্থানীয় একাংশ লোকে ফটকাৰ অৱশিষ্ট স্ফুলিংগৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।
newznow.in