তিনিচুকীয়া জিলাৰ ডিগবৈৰ ৰামনগৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হ’ল ডিগবৈ গাৰ্ডেন কেফে। বিনা হাজৰিকাৰ মালিকানাধীন কেফেখনত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত ব্যাপক ক্ষতিসাধন হৈছে। অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
প্ৰাপ্ত তথ্য অনুসৰি, বিগত প্ৰায় দুমাহ ধৰি বন্ধ হৈ আছিল ৰামনগৰস্থিত ডিগবৈ গাৰ্ডেন কেফেখন। দীৰ্ঘদিন ধৰি ব্যৱসায়িক কাৰ্যকলাপ বন্ধ হৈ থকাৰ লগতে কেফেখনত বিদ্যুৎ সংযোগো নাছিল বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত কেফেখনত কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল, তাক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক ৰহস্যৰ।
উল্লেখ্য যে, যোৱা নিশা ডিগবৈ অঞ্চলত প্ৰচণ্ড ধুমুহা-বৰষুণ হৈছিল। প্ৰতিকূল বতৰৰ ফলত সমগ্ৰ অঞ্চলটোতে বিদ্যুৎ যোগান ব্যাহত হৈ আছে। বিদ্যুৎ সংযোগ নথকা আৰু প্ৰায় দুমাহ ধৰি বন্ধ হৈ থকা কেফেখনত অগ্নিকাণ্ড সংঘটিত হোৱাক লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে।
ইফালে, স্থানীয় একাংশ লোকে ফটকাৰ অৱশিষ্ট স্ফুলিংগৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য বা নিশ্চিতি লাভ কৰা হোৱা নাই। অগ্নিকাণ্ডৰ আঁৰত প্ৰকৃততে কি কাৰণ জড়িত হৈ আছে, সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব।
অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। বাহিনীৰ লোকে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় যদিও তাৰ পূৰ্বেই কেফেখন সম্পূৰ্ণৰূপে জুইত জাহ যায়।
এই অগ্নিকাণ্ডৰ ফলত কেফেখনৰ আন্তঃগাঁথনি আৰু সা-সামগ্ৰীৰ ব্যাপক ক্ষতি হৈছে। অৱশ্যে ক্ষয়-ক্ষতিৰ সঠিক পৰিমাণ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।
দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা এটা প্ৰতিষ্ঠানত বিদ্যুৎ সংযোগ নথকাৰ পিছতো কেনেদৰে জুই লাগিল, সেয়া এতিয়া তদন্তৰ বিষয় হৈ পৰিছে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ উদঘাটনৰ লগতে ঘটনাটোৰ আঁৰত আন কোনো কাৰণ আছে নেকি, সেয়া সংশ্লিষ্ট কৰ্তৃপক্ষৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।