গুৱাহাটীৰ বেলতলাস্থিত মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজত ভুৱা ইনপুট টেক্স ক্ৰেডিট দাবীৰ সন্দেহত সপ্তম দিনলৈ তদন্ত চলি আছে।
গুৱাহাটী, ১১ নৱেম্বৰ: কেইবাকোটি টকাৰ জি এছ টি ফাঁকিৰ সন্দেহত গুৱাহাটীৰ বেলতলাস্থিত মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজৰ বিৰুদ্ধে জি এছ টি গোয়েন্দা আৰু বলৱৎকাৰী গোটে তদন্ত অব্যাহত ৰাখিছে।
তদন্তকাৰী দলে প্ৰতিষ্ঠানটোৰ দুজন স্বত্বাধিকাৰী অনিল কুমাৰ আগৰৱাল আৰু বিমল কুমাৰ আগৰৱালৰ সন্ধান লাভ কৰা নাই।
প্ৰাথমিক তদন্তত ভুৱা কৰদাতাৰ পৰা লোৱা চালানৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে কেইবাকোটি টকাৰ ইনপুট টেক্স ক্ৰেডিট লাভৰ চেষ্টা চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী বিষয়াসকলে।
প্ৰতিষ্ঠানটোৰ তিনিজন স্বত্বাধিকাৰী অনিল কুমাৰ আগৰৱাল, বিমল কুমাৰ আগৰৱাল আৰু নবীন কুমাৰ গুপ্তাক তদন্তৰ বাবে হাজিৰ হ'বলৈ জাননী প্ৰেৰণ কৰা হৈছিল।
newznow.in