গুৱাহাটী, ১১ নৱেম্বৰ: কেইবাকোটি টকাৰ জি এছ টি ফাঁকিৰ সন্দেহত গুৱাহাটীৰ বেলতলাস্থিত মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজৰ বিৰুদ্ধে জি এছ টি গোয়েন্দা আৰু বলৱৎকাৰী গোটে তদন্ত অব্যাহত ৰাখিছে। প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ভুৱা ইনপুট টেক্স ক্ৰেডিট দাবীৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আৰম্ভ হোৱা অভিযান সপ্তম দিনত উপনীত হৈছে।

তদন্তকাৰী দলে প্ৰতিষ্ঠানটোৰ দুজন স্বত্বাধিকাৰী অনিল কুমাৰ আগৰৱাল আৰু বিমল কুমাৰ আগৰৱালৰ সন্ধান লাভ কৰা নাই। তদন্তৰ বাবে হাজিৰ হ'বলৈ তেওঁলোকক বাৰে বাৰে জাননী দিয়া সত্ত্বেও দুয়োজনে তদন্তকাৰীৰ সন্মুখত হাজিৰ হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে। তেওঁলোকক পুনৰ তদন্তৰ বাবে তলব কৰা হৈছে।

প্ৰাথমিক তদন্তত ভুৱা কৰদাতাৰ পৰা লোৱা চালানৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে কেইবাকোটি টকাৰ ইনপুট টেক্স ক্ৰেডিট লাভৰ চেষ্টা চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী বিষয়াসকলে। ৫ নৱেম্বৰৰ পৰা চলি থকা তালাচী অভিযানত কেইবাটাও গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰি পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে তদন্তকাৰী দলে।

প্ৰতিষ্ঠানটোৰ তিনিজন স্বত্বাধিকাৰী অনিল কুমাৰ আগৰৱাল, বিমল কুমাৰ আগৰৱাল আৰু নবীন কুমাৰ গুপ্তাক তদন্তৰ বাবে হাজিৰ হ'বলৈ জাননী প্ৰেৰণ কৰা হৈছিল। ইয়াৰে নবীন কুমাৰ গুপ্তাই তদন্তকাৰী দলৰ সৈতে সহযোগিতা কৰিছে বুলি জানিব পৰা গৈছে।

তদন্তৰ সময়ত প্ৰতিষ্ঠানটোৰ সৈতে জড়িত ১০টাতকৈও অধিক জি এছ টি পঞ্জীয়ন নম্বৰ চিনাক্ত কৰা হৈছে। ইয়াৰ পিছতে সংশ্লিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ লেনদেন আৰু কৰ-নথি-পত্ৰ পৰীক্ষা কৰি তদন্তৰ পৰিসৰ বৃদ্ধি কৰা হৈছে।

মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজৰ সৈতে জড়িত আন এটা প্ৰতিষ্ঠান মহালক্ষ্মী কণ্টিনেণ্টেলতো জি এছ টি বিভাগে পৃথক অভিযান চলাইছে। নবীন কুমাৰ গুপ্তাৰ সৈতে এই প্ৰতিষ্ঠানটোৰ সম্পৰ্ক থকাৰ তথ্য পোহৰলৈ আহিছে। অৱশ্যে, এই প্ৰতিষ্ঠানটোৰ ক্ষেত্ৰত উত্থাপিত অনিয়মৰ প্ৰকৃতি এতিয়াও স্পষ্ট হোৱা নাই।

কয়লা ব্যৱসায় আৰু কোক উৎপাদনৰ সৈতে জড়িত মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজৰ কাৰ্যালয় বেলতলা তিনিআলিত আৰু উৎপাদন গোট আমিনগাঁৱত আছে। প্ৰয়োজন সাপেক্ষে বলৱৎকাৰী সঞ্চালকালয় আৰু জি এছ টি গোয়েন্দা সঞ্চালকালয়ৰ সহযোগিতা লোৱাৰ কথাও তদন্তকাৰী দলে বিবেচনা কৰিছে। অৱশ্যে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ প্ৰমাণিত বুলি গণ্য কৰিব নোৱাৰি।