ওদালগুৰিৰ টংলাত ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰাৰ লগতে গামোচাৰে ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।
ওদালগুৰি, ১১ নৱেম্বৰ: ওদালগুৰি জিলাৰ টংলাৰ উত্তৰ জংঘলপাৰাত এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰাৰ লগতে গামোচাৰে ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।
অভিযোগ অনুসৰি, নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকী ১০ নৱেম্বৰৰ পুৱা আন দিনৰ দৰে টংলাৰ উত্তৰ জংঘলপাৰাস্থিত কুলশী নৈত গা ধুবলৈ গৈছিল।
অভিযোগ অনুসৰি, ৪২ বছৰীয়া উৎপল দাসে কিশোৰীগৰাকীক নৈৰ পাৰৰ নিৰ্জন ঝাৰণিলৈ টানি নি ধৰ্ষণৰ চেষ্টা চলায়।
কিশোৰীগৰাকী বহু সময় ধৰি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ আৰম্ভ কৰে।
newznow.in