ওদালগুৰি, ১১ নৱেম্বৰ: ওদালগুৰি জিলাৰ টংলাৰ উত্তৰ জংঘলপাৰাত এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰাৰ লগতে গামোচাৰে ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি, নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকী ১০ নৱেম্বৰৰ পুৱা আন দিনৰ দৰে টংলাৰ উত্তৰ জংঘলপাৰাস্থিত কুলশী নৈত গা ধুবলৈ গৈছিল। সেই সময়তে নৈৰ পাৰত অকলশৰে থকা কিশোৰীগৰাকীক উৎপল দাস নামৰ এজন ৰাজমিস্ত্ৰীয়ে লক্ষ্য কৰে বুলি অভিযোগ।

অভিযোগ অনুসৰি, ৪২ বছৰীয়া উৎপল দাসে কিশোৰীগৰাকীক নৈৰ পাৰৰ নিৰ্জন ঝাৰণিলৈ টানি নি ধৰ্ষণৰ চেষ্টা চলায়। কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত অভিযুক্তই গামোচাৰে ডিঙি চেপি তেওঁক অচেতন কৰি ঝাৰণিৰ মাজতে পেলাই থৈ যায় বুলিও অভিযোগ উঠিছে।

কিশোৰীগৰাকী বহু সময় ধৰি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ আৰম্ভ কৰে। পিছত কুলশী নৈৰ পাৰৰ ঝাৰণিৰ মাজত কিশোৰীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰে।

পৰৱৰ্তী সময়ত কিশোৰীগৰাকীৰ চেতনা ঘূৰি অহাৰ পাছত পৰিয়ালৰ লোকে সোধা-পোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, অভিযুক্ত উৎপল দাসৰ ঘৰ টংলাৰ সমীপৱৰ্তী ভোকেলীকান্দা গাঁৱত। পেছাত ৰাজমিস্ত্ৰী উৎপল দাসে কামৰ সূত্ৰে উত্তৰ জংঘলপাৰা অঞ্চললৈ আহিছিল।

ইতিমধ্যে কিশোৰীগৰাকীৰ পৰিয়ালে ঘটনাৰ বিষয়ে টংলা আৰক্ষীক অৱগত কৰিছে। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়ালৰ লগতে স্থানীয় লোকসকলে। অৱশ্যে আৰক্ষীৰ তদন্ত, অভিযুক্তৰ গ্ৰেপ্তাৰ আৰু কিশোৰীগৰাকীৰ চিকিৎসাৰ সন্দৰ্ভত এই পৰ্যন্ত আনুষ্ঠানিক তথ্য নিশ্চিত হোৱা নাই।