অসম

গুৱাহাটীলৈ ‘স্বচ্ছ চহৰ’ৰ স্বীকৃতি, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰে এই সন্মান

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

দশম স্বচ্ছ সৰ্বেক্ষণ বঁটাত গুৱাহাটীয়ে অসমৰ প্ৰথম ‘স্বচ্ছ চহৰ’ৰ স্বীকৃতি লাভ কৰিছে।

২ / ৫

নতুন দিল্লী: গুৱাহাটীয়ে অসমৰ প্ৰথম ‘স্বচ্ছ চহৰ’ৰ স্বীকৃতি লাভ কৰিছে।

৩ / ৫

অসমৰ নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায় আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ৰাষ্ট্ৰপতিগৰাকীৰ হাতৰ পৰা বঁটাটি গ্ৰহণ কৰে।

৪ / ৫

এই স্বীকৃতি গুৱাহাটীৰ চাফাই কৰ্মী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া আৰু সচেতন নাগৰিকসকলৰ সামূহিক প্ৰচেষ্টাৰ ফল বুলি মন্ত্ৰী কৌশিক ৰায়ে জনায়।

৫ / ৫

কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চলি থকা বাৰ্ষিক নগৰ পৰিচ্ছন্নতা সমীক্ষা স্বচ্ছ সৰ্বেক্ষণৰ ২০২৫-২৬ বৰ্ষৰ দশম সংস্কৰণৰ অধীনত এই বঁটা প্ৰদান কৰা হৈছে।

গুৱাহাটীলৈ ‘স্বচ্ছ চহৰ’ৰ স্বীকৃতি, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰে এই সন্মান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক