নতুন দিল্লী: গুৱাহাটীয়ে অসমৰ প্ৰথম ‘স্বচ্ছ চহৰ’ৰ স্বীকৃতি লাভ কৰিছে। বুধবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত দশম স্বচ্ছ সৰ্বেক্ষণ বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই সন্মান প্ৰদান কৰে।

অসমৰ নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায় আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ৰাষ্ট্ৰপতিগৰাকীৰ হাতৰ পৰা বঁটাটি গ্ৰহণ কৰে। তেওঁলোকৰ সৈতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় ফুকনো উপস্থিত আছিল।

এই স্বীকৃতি গুৱাহাটীৰ চাফাই কৰ্মী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া আৰু সচেতন নাগৰিকসকলৰ সামূহিক প্ৰচেষ্টাৰ ফল বুলি মন্ত্ৰী কৌশিক ৰায়ে জনায়। পৰিষ্কাৰ আৰু অধিক বহনক্ষম গুৱাহাটী গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুদৃঢ় দৃষ্টিভংগীয়ে দিশ দেখুৱাইছে বুলিও তেওঁ কয়।

কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চলি থকা বাৰ্ষিক নগৰ পৰিচ্ছন্নতা সমীক্ষা স্বচ্ছ সৰ্বেক্ষণৰ ২০২৫-২৬ বৰ্ষৰ দশম সংস্কৰণৰ অধীনত এই বঁটা প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বে ২০২৫ চনৰ জুলাইত গুৱাহাটী আৰু উত্তৰ লখিমপুৰে অসমৰ ‘প্ৰতিশ্ৰুতিসম্পন্ন স্বচ্ছ চহৰ’ হিচাপে স্বীকৃতি লাভ কৰিছিল।