প্ৰবল বৰষুণৰ সৈতে হোৱা অভূতপূৰ্ব শিলাবৃষ্টিত বুধবাৰে হাফলঙৰ পথ, ঘৰৰ চাল আৰু মুকলি ঠাই ডাঠ বৰফে ঢাকি পেলায়।
হাফলং, বুধবাৰ: ডিমা হাছাওৰ পাহাৰীয়া নগৰ হাফলঙত বুধবাৰে প্ৰবল বৰষুণৰ সৈতে হোৱা অভূতপূৰ্ব শিলাবৃষ্টিয়ে নগৰখনক ডাঠ বৰফৰ আৱৰণেৰে ঢাকি পেলায়।
শিলাবৃষ্টিৰ পাছত হাফলঙৰ পথ, ঘৰৰ চাল আৰু মুকলি ঠাইত ডাঠ বৰফ জমা হয়।
এই বিৰল দৃশ্যই স্থানীয় লোকসকলক লাডাখৰ দৰে পৰিৱেশৰ অনুভৱ দিয়ে।
প্ৰবল শিলাবৃষ্টিৰ পাছতো এতিয়ালৈকে কোনো সম্পত্তিৰ ক্ষয়ক্ষতি বা প্ৰাণহানিৰ খবৰ পোৱা হোৱা নাই।
newznow.in