হাফলং, বুধবাৰ: ডিমা হাছাওৰ পাহাৰীয়া নগৰ হাফলঙত বুধবাৰে প্ৰবল বৰষুণৰ সৈতে হোৱা অভূতপূৰ্ব শিলাবৃষ্টিয়ে নগৰখনক ডাঠ বৰফৰ আৱৰণেৰে ঢাকি পেলায়।
শিলাবৃষ্টিৰ পাছত হাফলঙৰ পথ, ঘৰৰ চাল আৰু মুকলি ঠাইত ডাঠ বৰফ জমা হয়। সেউজীয়া পাহাৰীয়া দৃশ্যপটে হঠাতে শীতকালীন ৰূপ লয়।
এই বিৰল দৃশ্যই স্থানীয় লোকসকলক লাডাখৰ দৰে পৰিৱেশৰ অনুভৱ দিয়ে। জমা হোৱা বৰফত শিশুসকলে খেলি আনন্দ উপভোগ কৰে।
প্ৰবল শিলাবৃষ্টিৰ পাছতো এতিয়ালৈকে কোনো সম্পত্তিৰ ক্ষয়ক্ষতি বা প্ৰাণহানিৰ খবৰ পোৱা হোৱা নাই। স্থানীয় কৰ্তৃপক্ষই জিলাখনৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে আৰু স্বাভাৱিক জীৱনযাত্ৰা পুনৰ আৰম্ভ হৈছে।