ঢকুৱাখনাৰ ব্ৰহ্মপুত্ৰৰ মথাউৰী পথত সংঘটিত গাড়ী দুৰ্ঘটনাত দুজন যুৱকৰ মৃত্যু হৈছে।
ঢকুৱাখনা, বুধবাৰ: ব্ৰহ্মপুত্ৰৰ মথাউৰী পথত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন যুৱকৰ মৃত্যু হৈছে।
বুধবাৰে মাজনিশা প্ৰায় ১২.২০ বজাত মাজুলীৰ দিশৰ পৰা অহা এ এছ ০১ এফ জি ২৭২২ নম্বৰৰ মাৰুতি এল্ট’ বাহনখনে তীব্ৰ বেগত মথাউৰীৰ দাঁতিত থকা এটা বিদ্যুতৰ খুটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
দুৰ্ঘটনাত মৰনৈ বেবেজীয়া মাজগাঁৱৰ প্ৰদান বৰুৱা (দুৰ্লভ) (২১) আৰু বিচিত্ৰ বৰা (২১) নিহত হয়।
আহত বিশ্বজিৎ শইকীয়া (২২), অংকুৰজ্যোতি শইকীয়া (২৩) আৰু বিশ্বজিৎ খনিকৰ (২০)ক ঢকুৱাখনাত প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।
newznow.in