ঢকুৱাখনা, বুধবাৰ: ব্ৰহ্মপুত্ৰৰ মথাউৰী পথত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন যুৱকৰ মৃত্যু হৈছে। এই ঘটনাত আন তিনিজন যুৱক গুৰুতৰভাৱে আহত হৈছে।

বুধবাৰে মাজনিশা প্ৰায় ১২.২০ বজাত মাজুলীৰ দিশৰ পৰা অহা এ এছ ০১ এফ জি ২৭২২ নম্বৰৰ মাৰুতি এল্ট’ বাহনখনে তীব্ৰ বেগত মথাউৰীৰ দাঁতিত থকা এটা বিদ্যুতৰ খুটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। পিছত বাহনখন মথাউৰীৰ পৰা বাগৰি বহু তললৈ ছিটিকি পৰে।

দুৰ্ঘটনাত মৰনৈ বেবেজীয়া মাজগাঁৱৰ প্ৰদান বৰুৱা (দুৰ্লভ) (২১) আৰু বিচিত্ৰ বৰা (২১) নিহত হয়। তেওঁলোকক ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে চিকিৎসাৰ পূৰ্বেই মৃত ঘোষণা কৰে।

আহত বিশ্বজিৎ শইকীয়া (২২), অংকুৰজ্যোতি শইকীয়া (২৩) আৰু বিশ্বজিৎ খনিকৰ (২০)ক ঢকুৱাখনাত প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। আহত তিনিজন বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে।

বাহনখনৰ তীব্ৰ গতি আৰু কুঁৱলীৰ বাবে পথ চিনাক্তকৰণত অসুবিধা হোৱাই দুৰ্ঘটনাটোৰ সম্ভাৱ্য কাৰণ বুলি ধাৰণা কৰা হৈছে। আৰক্ষীয়ে বিধ্বস্ত বাহনখন উদ্ধাৰ কৰি জব্দ কৰাৰ লগতে মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।