উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবীত চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ দিছে এআইইউডিএফৰ নেতা ৰেজাউল কৰিম সৰকাৰে।
মুছলমান হোৱাৰ বাবেই কান্দিব লগা হৈছে উচ্ছেদিতই!
ধুবুৰীৰ আলমগঞ্জত উচ্ছেদিত পৰিয়ালসমূহৰ কাষত উপস্থিত হৈ এই হুংকাৰ প্ৰদান কৰে এআইইউডিএফৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ ৰেজাউল কৰিম সৰকাৰে।
উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীক দাবী জনায় দলটোৰ নেতাগৰাকীয়ে।
ৰেজাউল কৰিম সৰকাৰৰ অভিযোগ, মুছলমান হোৱাৰ বাবেই উচ্ছেদিত পৰিয়ালসমূহে দুৰ্ভোগ ভুগিবলগীয়া হৈছে।
newznow.in