ধুবুৰী, ১২ নৱেম্বৰ, ২০২৬:

মুছলমান হোৱাৰ বাবেই কান্দিব লগা হৈছে উচ্ছেদিতই! উচ্ছেদিতৰ লগত AIUDF দল সদায় আছে , মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত ৰাজপথত আন্দোলন হ'ব। অসম চৰকাৰক তীব্ৰ ভাবে নিন্দা কৰিছে এআইইউডিএফে । সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ আন্দোলন হ'ব। আমি উচ্ছেদ বিৰোধী নহয় , চৰকাৰী মাটি উচ্ছেদ কৰক আৰু লগতে সংস্থাপনো দিয়ক।অসমৰ বাসিন্দাক অত্যাচাৰ কৰিলে সহ্য কৰা নহ'ব।উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপন নিদিলে ৰাজ্যজুৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে এআইইউডিএফে। ৰাজ্যজুৰি উচ্ছেদ বন্ধ কৰাৰ দাবীৰে ব্যাপক আন্দোলন গঢ়ি তোলাৰ সকীয়নি দিছে দলটোৱে।

ধুবুৰীৰ আলমগঞ্জত উচ্ছেদিত পৰিয়ালসমূহৰ কাষত উপস্থিত হৈ এই হুংকাৰ প্ৰদান কৰে এআইইউডিএফৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ ৰেজাউল কৰিম সৰকাৰে।

উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীক দাবী জনায় দলটোৰ নেতাগৰাকীয়ে। অন্যথা ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে তেওঁ।

ৰেজাউল কৰিম সৰকাৰৰ অভিযোগ, মুছলমান হোৱাৰ বাবেই উচ্ছেদিত পৰিয়ালসমূহে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। তেওঁ কয় যে উচ্ছেদিত লোকসকলৰ কাষত এআইইউডিএফ সদায় থাকিব আৰু মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত ৰাজপথত আন্দোলন গঢ়ি তোলা হ’ব।

উচ্ছেদৰ বিৰোধিতা কৰা নাই বুলি স্পষ্ট কৰি সৰকাৰে কয় যে চৰকাৰী ভূমি উচ্ছেদ কৰিব পাৰে, কিন্তু উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে।

তেওঁৰ প্ৰশ্ন, ‘সংখ্যাগুৰু ৰাইজে সংস্থাপন লাভ কৰিছে, সংখ্যালঘু ৰাইজে নাপাব কিয়?’ অসমৰ বাসিন্দাৰ ওপৰত অত্যাচাৰ কৰা হ’লে সেয়া সহ্য কৰা নহ’ব বুলিও সকীয়াই দিয়ে এআইইউডিএফৰ নেতাগৰাকীয়ে।

উচ্ছেদিত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ দাবীক লৈ এআইইউডিএফে ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে নে নাই, সেয়া লক্ষণীয় হ’ব।