ডিব্ৰুগড়ৰ টেঙাখাতৰ নাকাৰী নেওগচুক গাঁৱৰ ধাননি পথাৰৰ পৰা তিনিটা বনমেকুৰীৰ পোৱালি উদ্ধাৰ কৰা হয়।
ডিব্ৰুগড়, বুধবাৰ: ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ নাকাৰী নেওগচুক গাঁৱৰ এখন ধাননি পথাৰৰ পৰা বুধবাৰে তিনিটা বনমেকুৰীৰ পোৱালি উদ্ধাৰ কৰা হয়।
স্থানীয় লোকে সৰু প্ৰাণীকেইটাক দেখি বাঘৰ পোৱালি বুলি সন্দেহ কৰি বন বিভাগক খবৰ দিয়ে।
পৰীক্ষাৰ পাছত বন বিভাগৰ বিষয়াসকলে প্ৰাণীকেইটা বাঘৰ পোৱালি নহয়, বনমেকুৰীৰ পোৱালি বুলি চিনাক্ত কৰে।
স্থানীয় লোকে ধাননি পথাৰত তিনিটা বাঘৰ পোৱালি দেখা পোৱা বুলি খবৰ দিছিল।
newznow.in