ডিব্ৰুগড়, বুধবাৰ: ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ নাকাৰী নেওগচুক গাঁৱৰ এখন ধাননি পথাৰৰ পৰা বুধবাৰে তিনিটা বনমেকুৰীৰ পোৱালি উদ্ধাৰ কৰা হয়।

স্থানীয় লোকে সৰু প্ৰাণীকেইটাক দেখি বাঘৰ পোৱালি বুলি সন্দেহ কৰি বন বিভাগক খবৰ দিয়ে। খবৰ পাই বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

পৰীক্ষাৰ পাছত বন বিভাগৰ বিষয়াসকলে প্ৰাণীকেইটা বাঘৰ পোৱালি নহয়, বনমেকুৰীৰ পোৱালি বুলি চিনাক্ত কৰে।

স্থানীয় লোকে ধাননি পথাৰত তিনিটা বাঘৰ পোৱালি দেখা পোৱা বুলি খবৰ দিছিল। কিন্তু আমাৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ সেয়া বনমেকুৰীৰ পোৱালি বুলি নিশ্চিত কৰে বুলি ডিব্ৰুগড়ৰ বিভাগীয় বন বিষয়া নন্ধা কুমাৰে জনায়।

তেওঁ জনায় যে, তিনিওটা পোৱালি সুস্থ অৱস্থাত আছিল আৰু ঘটনাস্থলীতে খেলি আছিল। মাকৰ সৈতে পুনৰ মিলিত হ'ব পৰাকৈ পোৱালিকেইটাক একে স্থানতে এৰি দিয়া হৈছে।