প্ৰতিবাদৰ পাছত বিপিচিএলে এনআৰএলৰ পৰা পেট্ৰলিয়াম সামগ্ৰী পৰিবহণৰ পূৰ্বৰ নিবিদা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
নুমলীগড়, ১২ নৱেম্বৰ: নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰা পেট্ৰলিয়াম সামগ্ৰী পৰিবহণৰ বাবে ভাৰত পেট্ৰলিয়াম কৰ্প'ৰেচন লিমিটেডে আহ্বান কৰা পূৰ্বৰ নিবিদাখন বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
নিবিদাৰ চৰ্তসমূহক লৈ বিভিন্ন সংগঠনে আপত্তি দৰ্শাই প্ৰতিবাদ কৰাৰ পাছতে মঙলবাৰে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
বৈঠকত নুমলীগড় শোধনাগাৰ লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক মিন্টু শইকীয়া, জ্যেষ্ঠ প্ৰবন্ধক বিশ্বজিৎ বৰা আৰু ভাৰত পেট্ৰলিয়াম কৰ্প'ৰেচন লিমিটেডৰ বিষয়াসকলেও অংশ লয়।
দীঘলীয়া আলোচনাৰ অন্তত বৈঠকত উপস্থিত প্ৰতিনিধিসকলে পূৰ্বৰ নিবিদাখন বাতিল কৰি সংশোধিত চৰ্তেৰে নতুন নিবিদা আহ্বান কৰাৰ ক্ষেত্ৰত ঐকমত্যত উপনীত হয়।
newznow.in