নুমলীগড়, ১২ নৱেম্বৰ: নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰা পেট্ৰলিয়াম সামগ্ৰী পৰিবহণৰ বাবে ভাৰত পেট্ৰলিয়াম কৰ্প'ৰেচন লিমিটেডে আহ্বান কৰা পূৰ্বৰ নিবিদাখন বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সংশোধিত চৰ্ত আৰু নিয়মেৰে নতুনকৈ নিবিদা আহ্বান কৰা হ'ব।
নিবিদাৰ চৰ্তসমূহক লৈ বিভিন্ন সংগঠনে আপত্তি দৰ্শাই প্ৰতিবাদ কৰাৰ পাছতে মঙলবাৰে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত বৈঠকখনত ছাত্ৰ সংগঠন, যুৱ সংগঠন আৰু অন্যান্য সংশ্লিষ্ট সংস্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
বৈঠকত নুমলীগড় শোধনাগাৰ লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক মিন্টু শইকীয়া, জ্যেষ্ঠ প্ৰবন্ধক বিশ্বজিৎ বৰা আৰু ভাৰত পেট্ৰলিয়াম কৰ্প'ৰেচন লিমিটেডৰ বিষয়াসকলেও অংশ লয়।
দীঘলীয়া আলোচনাৰ অন্তত বৈঠকত উপস্থিত প্ৰতিনিধিসকলে পূৰ্বৰ নিবিদাখন বাতিল কৰি সংশোধিত চৰ্তেৰে নতুন নিবিদা আহ্বান কৰাৰ ক্ষেত্ৰত ঐকমত্যত উপনীত হয়।
পেট্ৰলিয়াম সামগ্ৰী পৰিবহণৰ নিবিদা প্ৰক্ৰিয়াত নিবনুৱা যুৱক-যুৱতীসকলে সমান সুযোগ লাভ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যেই এই সিদ্ধান্ত লোৱা হৈছে। এই পদক্ষেপে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ পথ মুকলি কৰিব বুলি আশা কৰা হৈছে।