দেশ

পেন কাৰ্ড-ভোটাৰ পৰিচয়-পত্ৰ নাগৰিকত্বৰ প্ৰমাণ নহয়: গুৱাহাটী উচ্চ ন্যায়ালয়

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

সংশ্লিষ্ট মূল অভিলেখ প্ৰমাণিত নোহোৱালৈকে পেন কাৰ্ড বা ভোটাৰ পৰিচয়-পত্ৰক ভাৰতীয় নাগৰিকত্বৰ দলিল হিচাপে গ্ৰহণ কৰিব নোৱাৰি বুলি ৰায় দিয়ে উচ্চ ন্যায়ালয়ে।

২ / ৫

গুৱাহাটী, ১২ নৱেম্বৰ: কেৱল পেন কাৰ্ড আৰু নিৰ্বাচনী ফটো পৰিচয়-পত্ৰৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰি বুলি ৰায় দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

৩ / ৫

ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ সুষ্মিতা ফুকন খাউণ্ডক লৈ গঠিত খণ্ড বিচাৰপীঠে বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা কুলচান বেগমৰ আবেদন খাৰিজ কৰে।

৪ / ৫

আদালতে কয়, আয়কৰ বিভাগ আৰু নিৰ্বাচন আয়োগে আনুষ্ঠানিক অনুসন্ধান অবিহনে ব্যক্তিৰ স্ব-আবেদনৰ ভিত্তিত পেন কাৰ্ড আৰু ভোটাৰ পৰিচয়-পত্ৰ জাৰি কৰে।

৫ / ৫

কুলচান বেগমে অসমত ১৯৭৭ চনৰ ২৫ এপ্ৰিলত জন্ম হোৱা বুলি দাবী কৰিছিল।

পেন কাৰ্ড-ভোটাৰ পৰিচয়-পত্ৰ নাগৰিকত্বৰ প্ৰমাণ নহয়: গুৱাহাটী উচ্চ ন্যায়ালয়

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক