গুৱাহাটী, ১২ নৱেম্বৰ: কেৱল পেন কাৰ্ড আৰু নিৰ্বাচনী ফটো পৰিচয়-পত্ৰৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰি বুলি ৰায় দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই নথি-পত্ৰসমূহৰ সমৰ্থনত থকা মূল তথ্য আৰু অভিলেখ প্ৰমাণিত নহ’লে সেইবোৰক নাগৰিকত্বৰ প্ৰামাণিক দলিল হিচাপে গ্ৰহণ কৰিব নোৱাৰি বুলি আদালতে স্পষ্ট কৰে।

ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ সুষ্মিতা ফুকন খাউণ্ডক লৈ গঠিত খণ্ড বিচাৰপীঠে বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা কুলচান বেগমৰ আবেদন খাৰিজ কৰে। ন্যায়াধিকৰণে তেওঁক ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত ভাৰতত প্ৰৱেশ কৰা ব্যক্তি বুলি ঘোষণা কৰিছিল।

আদালতে কয়, আয়কৰ বিভাগ আৰু নিৰ্বাচন আয়োগে আনুষ্ঠানিক অনুসন্ধান অবিহনে ব্যক্তিৰ স্ব-আবেদনৰ ভিত্তিত পেন কাৰ্ড আৰু ভোটাৰ পৰিচয়-পত্ৰ জাৰি কৰে। সেয়ে সংশ্লিষ্ট মূল অভিলেখ প্ৰমাণিত নোহোৱালৈকে এনে নথি নাগৰিকত্বৰ প্ৰমাণ হ’ব নোৱাৰে।

কুলচান বেগমে অসমত ১৯৭৭ চনৰ ২৫ এপ্ৰিলত জন্ম হোৱা বুলি দাবী কৰিছিল। তেওঁ ১৯৬৬ আৰু ১৯৭০ চনৰ ভোটাৰ তালিকাত দাবীকৃত ককা-আইতাকৰ নাম, পিতৃৰ পেন কাৰ্ড আৰু ভোটাৰ পৰিচয়-পত্ৰ, নিজৰ ভোটাৰ পৰিচয়-পত্ৰ, ৰেচন কাৰ্ড আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আবেদন-স্বীকৃতিপত্ৰ দাখিল কৰিছিল।

বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে আবেদনকাৰীগৰাকীয়ে দাবীকৃত পিতৃ আৰু ককা-আইতাকৰ সৈতে নিজৰ পাৰিবাৰিক সম্পৰ্ক নিৰ্ভৰযোগ্য তথ্য-প্ৰমাণেৰে প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬(ক)(২) ধাৰা অনুসৰি তেওঁৰ দাবীকৃত ককা-আইতাক আৰু পিতৃয়ে অসমত নিৰৱচ্ছিন্নভাৱে বসবাস কৰাৰ বিষয়টোও প্ৰমাণিত হোৱা নাই।

পূৰ্বৰ অধিবক্তাৰ ভুল পৰামৰ্শৰ বাবে অতিৰিক্ত সাক্ষী আৰু প্ৰমাণ দাখিল কৰিব নোৱাৰা বুলি কুলচান বেগমে কৰা যুক্তিও আদালতে গ্ৰহণ নকৰে। বিদেশী ন্যায়াধিকৰণে তেওঁক অতিৰিক্ত তথ্য-প্ৰমাণ দাখিলৰ একাধিক সুযোগ দিছিল বুলি উল্লেখ কৰি আদালতে কয় যে, এই অভিযোগ গোচৰৰ দুৰ্বলতা ঢাকিবলৈ পিছত উত্থাপন কৰা অজুহাত।

দাখিল কৰা ৱাৰ্ড সভাৰ প্ৰতিনিধিৰ প্ৰমাণ-পত্ৰ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আবেদন-স্বীকৃতিপত্ৰ, ৰেচন কাৰ্ড আৰু ২০১৮ চনৰ ভোটাৰ তালিকাইও পিতৃ-মাতৃৰ সৈতে আবেদনকাৰীগৰাকীৰ সম্পৰ্ক প্ৰতিষ্ঠা নকৰে বুলি আদালতে কয়। দাবীকৃত পিতৃয়ে লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বা গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ তথ্যইও পিতৃ-কন্যাৰ সম্পৰ্কৰ প্ৰমাণ নহয় বুলি আদালতে মন্তব্য কৰে।

অৱশেষত উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধিকৰণৰ পূৰ্বৰ মতামত বাহাল ৰাখে আৰু কুলচান বেগমৰ আবেদন খাৰিজ কৰে। ২০২২ চনত তেওঁক প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনৰ নিৰ্দেশো বাতিল কৰা হয়।