ডিব্ৰুগড় জিলাৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ১৩টা সমষ্টিত ২০২৬ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে মুঠ ৫১খন মনোনয়ন পত্ৰ দাখিল হৈছে।
ডিব্ৰুগড়, ১২ নৱেম্বৰ: ২০২৬ চনৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ (SKAC) সাধাৰণ নিৰ্বাচনৰ বাবে ডিব্ৰুগড় জিলাৰ ১৩টা সমষ্টিত মুঠ ৫১খন মনোনয়ন পত্ৰ দাখিল হৈছে।
বুধবাৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন আছিল।
তেঙাখাত, নাহৰকটীয়া, লেপেটকটা (মহিলা) আৰু টিংথেঙীয়া সমষ্টিত চাৰিখনকৈ মনোনয়ন পত্ৰ দাখিল হৈছে।
ইফালে, ডিব্ৰুগড় জিলাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবেও বুধবাৰে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া অন্ত পৰে।
newznow.in