ডিব্ৰুগড়, ১২ নৱেম্বৰ: ২০২৬ চনৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ (SKAC) সাধাৰণ নিৰ্বাচনৰ বাবে ডিব্ৰুগড় জিলাৰ ১৩টা সমষ্টিত মুঠ ৫১খন মনোনয়ন পত্ৰ দাখিল হৈছে। একেদৰে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ (MAC) ৩৫ নং দিহিং চেছা সমষ্টিৰ বাবেও ছগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে।
বুধবাৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন আছিল। জিলাখনৰ মাণকটা আৰু কুটুহা সমষ্টিত সৰ্বাধিক ছখনকৈ মনোনয়ন পত্ৰ দাখিল হৈছে। আনহাতে, খোৱাং, বামুণবাৰী আৰু চাহাৰিকটা সমষ্টিত পাঁচখনকৈ মনোনয়ন পত্ৰ দাখিল কৰা হৈছে।
তেঙাখাত, নাহৰকটীয়া, লেপেটকটা (মহিলা) আৰু টিংথেঙীয়া সমষ্টিত চাৰিখনকৈ মনোনয়ন পত্ৰ দাখিল হৈছে। ৰঙাচঙীত তিনিখন, কমাৰগাঁও আৰু খাটুৱাত দুখনকৈ মনোনয়ন পত্ৰ দাখিল হোৱাৰ বিপৰীতে খেৰেমীয়াত এখন মনোনয়ন পত্ৰ দাখিল হৈছে।
ইফালে, ডিব্ৰুগড় জিলাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবেও বুধবাৰে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া অন্ত পৰে। দুয়োখন পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰৰ পৰীক্ষণ ১২ নৱেম্বৰত অনুষ্ঠিত হ’ব। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন ১৬ নৱেম্বৰ।
অহা ৩০ নৱেম্বৰত দুয়োখন পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ চলিব। আনহাতে, ৩ ডিচেম্বৰত ভোটগণনা কৰা হ’ব।