অসম

‘চিণ্ডিকেটমুক্ত অসম কেৱল শ্লোগান নেকি?’- প্ৰশ্ন বিদ্যুৎ শইকীয়াৰ

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

কয়লা, চুপাৰি আৰু ফৰ্মেলিনযুক্ত মাছৰ অবৈধ সৰবৰাহক লৈ অসম চৰকাৰক সমালোচনা।

২ / ৫

কয়লা আৰু চুপাৰিৰ অবৈধ সৰবৰাহৰ লগতে ফৰ্মেলিনযুক্ত মাছৰ ব্যৱসায়ক লৈ অসম চৰকাৰক তীব্ৰ সমালোচনা কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ।

৩ / ৫

বিদ্যুৎ শইকীয়াৰ অভিযোগ অনুসৰি, কয়লাৰ চিণ্ডিকেট আৰু অবৈধ খননৰ ফলত উজনি অসমৰ চাৰিখন জিলাত ব্যাপক ক্ষতি হৈছে।

৪ / ৫

ডেৰগাঁৱত শেহতীয়াকৈ ১৩-১৪খন কয়লা কঢ়িওৱা ট্ৰাক জব্দ কৰাৰ প্ৰসংগ উল্লেখ কৰি বক্তাগৰাকীয়ে প্ৰশ্ন কৰে—ট্ৰাককেইখনৰ বিৰুদ্ধে GST বিভাগে কিয় তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ নকৰিলে?

৫ / ৫

আনহাতে, চুপাৰিৰ অবৈধ সৰবৰাহৰ প্ৰসংগত হৰেণ মহন্তৰ নাম উল্লেখ কৰি বক্তাগৰাকীয়ে অভিযোগ কৰে যে তেওঁৰ বাহনসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয়, কিন্তু আন ব্যৱসায়ীৰ বাহন জব্দ কৰা হয়।

‘চিণ্ডিকেটমুক্ত অসম কেৱল শ্লোগান নেকি?’- প্ৰশ্ন বিদ্যুৎ শইকীয়াৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক