গুৱাহাটী, ১২ নৱেম্বৰ:
কয়লা আৰু চুপাৰিৰ অবৈধ সৰবৰাহৰ লগতে ফৰ্মেলিনযুক্ত মাছৰ ব্যৱসায়ক লৈ অসম চৰকাৰক তীব্ৰ সমালোচনা কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ। বিজেপি চৰকাৰৰ ‘চিণ্ডিকেটমুক্ত অসম’ শ্লোগানক প্ৰশ্ন কৰি কয়লা, চুপাৰি আৰু মাছৰ ব্যৱসায়ত একাংশ লোকক বিশেষ সুবিধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে তেওঁ।
বিদ্যুৎ শইকীয়াৰ অভিযোগ অনুসৰি, কয়লাৰ চিণ্ডিকেট আৰু অবৈধ খননৰ ফলত উজনি অসমৰ চাৰিখন জিলাত ব্যাপক ক্ষতি হৈছে। এই সন্দৰ্ভত কয়লা মাফিয়াৰ বিৰুদ্ধে তদন্ত নোহোৱাৰ অভিযোগো উত্থাপন কৰে।
ডেৰগাঁৱত শেহতীয়াকৈ ১৩-১৪খন কয়লা কঢ়িওৱা ট্ৰাক জব্দ কৰাৰ প্ৰসংগ উল্লেখ কৰি বক্তাগৰাকীয়ে প্ৰশ্ন কৰে—ট্ৰাককেইখনৰ বিৰুদ্ধে GST বিভাগে কিয় তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ নকৰিলে? তেওঁৰ দাবী, আৰক্ষীয়ে ট্ৰাককেইখন জব্দ কৰাৰ পাছতো সেইবোৰ ঘূৰাই পঠিওৱাৰ কথা কোৱা হৈছিল।
আনহাতে, চুপাৰিৰ অবৈধ সৰবৰাহৰ প্ৰসংগত হৰেণ মহন্তৰ নাম উল্লেখ কৰি বক্তাগৰাকীয়ে অভিযোগ কৰে যে তেওঁৰ বাহনসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয়, কিন্তু আন ব্যৱসায়ীৰ বাহন জব্দ কৰা হয়। জব্দ কৰা চুপাৰি নিলামত ক্ৰয় কৰাৰ পাছত পুনৰ বিক্ৰী কৰাৰ অভিযোগো উত্থাপন কৰে তেওঁ।
ফৰ্মেলিনযুক্ত মাছৰ সৰবৰাহৰ প্ৰসংগতো চৰকাৰক প্ৰশ্ন কৰে বক্তাগৰাকীয়ে। পূৰ্বে ফৰ্মেলিনযুক্ত মাছ বন্ধ কৰাৰ ঘোষণা কৰা হৈছিল যদিও আজিও অন্ধ্ৰপ্ৰদেশৰ পৰা এনে মাছ অসমলৈ আহি থকাৰ অভিযোগ কৰে তেওঁ।
ভাষণত মন্ত্ৰী পীযূষ হাজৰিকাৰ লগতে ময়ূৰ বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ আৰু সুশান্ত বৰগোহাঁইৰ নাম উল্লেখ কৰিও কয়লা ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰে বক্তাগৰাকীয়ে। অৱশ্যে এই অভিযোগসমূহৰ সমৰ্থনত কোনো নথি বা প্ৰমাণ ভাষণটোত দাঙি ধৰা হোৱা নাই।
সাধাৰণ লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি প্ৰভাৱশালী লোকসকলক ৰেহাই দিয়াৰ অভিযোগ তুলি বক্তাগৰাকীয়ে বিজেপি চৰকাৰৰ চিণ্ডিকেটবিৰোধী অভিযানক ‘নাটক’ আখ্যা দিয়ে।