জুবিন গাৰ্গৰ স্মৃতি আৰু অৱদান অধিক বৃহৎ ৰূপত আগবঢ়াই নিবলৈ ২২ নৱেম্বৰত খানাপাৰাত বিশেষ অনুষ্ঠানৰ আহ্বান মানস ৰবিনৰ।
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিভিন্ন সময়ত অনুষ্ঠিত আন্দোলন আৰু সমাৱেশত মানুহৰ উপস্থিতি হ্ৰাস পোৱা বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে বিশিষ্ট শিল্পী মানস ৰবীনে।
অহা ২২ নৱেম্বৰত খানাপাৰাত ‘জুবিনদাৰ বাবে এদিন’ শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
এই অনুষ্ঠানৰ বিষয়ে অৱগত কৰিবলৈ আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি মানস ৰবীনে কয় যে জুবিন গাৰ্গৰ দৰে এগৰাকী বিশাল ব্যক্তিত্বৰ ন্যায়ৰ দাবীত কোনো কাৰ্যসূচীলৈ আহ্বান জনোৱাৰ…
অথচ জীয়াই থকা সময়ত জুবিন গাৰ্গে ক’ৰবালৈ যাবলৈ ওলালেই মানুহৰ ভিৰত খোজ কাঢ়িবলৈও বাট বিচাৰি পোৱা নাছিল।
newznow.in