জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিভিন্ন সময়ত অনুষ্ঠিত আন্দোলন আৰু সমাৱেশত মানুহৰ উপস্থিতি হ্ৰাস পোৱা বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে বিশিষ্ট শিল্পী মানস ৰবীনে। অহা ২২ নৱেম্বৰত খানাপাৰাত ‘জুবিনদাৰ বাবে এদিন’ শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ বিষয়ে অৱগত কৰিবলৈ আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি মানস ৰবীনে কয় যে জুবিন গাৰ্গৰ দৰে এগৰাকী বিশাল ব্যক্তিত্বৰ ন্যায়ৰ দাবীত কোনো কাৰ্যসূচীলৈ আহ্বান জনোৱাৰ পাছতো কেতিয়াবা মাত্ৰ ২০ বা ১০০জন মানুহ গোট খোৱা দেখা যায়। অথচ জীয়াই থকা সময়ত জুবিন গাৰ্গে ক’ৰবালৈ যাবলৈ ওলালেই মানুহৰ ভিৰত খোজ কাঢ়িবলৈও বাট বিচাৰি পোৱা নাছিল। এই পৰিস্থিতিয়ে জুবিন গাৰ্গক আমি জানি বা নাজানি সৰু কৰি পেলাইছোঁ নেকি বুলি প্ৰশ্নৰ অৱতাৰণা কৰে বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয়, ‘জুবিনদা গানেৰে, জ্ঞানেৰে, হৃদয়েৰে, সমৃদ্ধিৰে আৰু জনপ্ৰিয়তাৰে বহুত ডাঙৰ আছিল। গোটেই জীৱন ডাঙৰ হৈয়ে থাকিল আৰু প্ৰস্থানটোও মহাৰজাৰ দৰে হ’ল। গতিকে তেওঁক সৰু কৰাৰ পৰিৱৰ্তে আমি আৰু ডাঙৰ কৰি ৰখাৰ পৰিকল্পনা কৰিব লাগে।’ নিজকে জুবিন গাৰ্গৰ এগৰাকী প্ৰত্যক্ষ উপকৃত ব্যক্তি বুলি অভিহিত কৰি মানস ৰবীনে কয় যে জুবিন গাৰ্গ নথকা হ’লে তেওঁৰ নিজৰ জীৱনটো কেনে হ’লহেঁতেন, তাৰ কোনো পোনপটীয়া উত্তৰ নাই। সেয়েহে জুবিন গাৰ্গৰ ব্যক্তিত্ব আৰু অৱদানক কোনো কাৰণতে সৰু হ’বলৈ দিব নোঁৱাৰি। এই উদ্দেশ্যে অহা ২২ নৱেম্বৰ, দেওবাৰে দিনৰ ১ বজাৰ পৰা বিয়লি ৪ বজালৈ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ‘জুবিনদাৰ বাবে এদিন’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটো কোনো আন্দোলনৰ আহ্বান নহয় বুলি স্পষ্ট কৰি মানস ৰবীনে কয় যে এয়া হ’ব এক আশাপ্ৰদ আৰু ইতিবাচক আলোচনাৰ মঞ্চ, য’ত সকলোৱে একত্ৰিত হৈ জুবিন গাৰ্গক কেনেদৰে অধিক মৰ্যাদা আৰু বৃহৎ পৰিসৰত স্মৰণ কৰি ৰাখিব পাৰি, সেই সন্দৰ্ভত চিন্তা-চৰ্চা কৰিব। বিগত ৩০ বছৰে ৰাইজে মানস ৰবীনৰ ওপৰত ৰখা বিশ্বাসৰ কথা উল্লেখ কৰি তেওঁ সেই বিশ্বাসৰ ভিত্তিত সকলোকে ২২ নৱেম্বৰৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ আহ্বান জনায়।
আন্দোলন নহয়, ২২ নৱেম্বৰত খানাপাৰাত 'জুবিনদাৰ বাবে এদিন'ৰ আহ্বান মানস ৰবীনৰ
জুবিন গাৰ্গৰ স্মৃতি আৰু অৱদান অধিক বৃহৎ ৰূপত আগবঢ়াই নিবলৈ ২২ নৱেম্বৰত খানাপাৰাত বিশেষ অনুষ্ঠানৰ আহ্বান মানস ৰবিনৰ।
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
এই খবৰটো আন ভাষাত: English · हिन्दी · বাংলা
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)ভুল দেখিছে? আমাক জনাওক।