ভূমি পট্টা, জনজাতিৰ মৰ্যাদা আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰে আটছাই।
গুৱাহাটী, ১২ নৱেম্বৰ: চাহ জনগোষ্ঠীৰ ভূমি পট্টা, জনজাতিৰ মৰ্যাদা আৰু দৈনিক মজুৰি বৃদ্ধিকে ধৰি দীৰ্ঘদিনীয়া দাবীসমূহ শীঘ্ৰে পূৰণৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰে…
বিভিন্ন জিলাত শতাধিক প্ৰতিবাদকাৰীয়ে ৰাজপথলৈ ওলাই ‘আমাক ভূমি পট্টা লাগে’, ‘আটছা জিন্দাবাদ’ আদি শ্লোগান দিয়ে।
১৩ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বনাথ জিলা ভ্ৰমণৰ পূৰ্বে বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।
প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকসকলক ভূমি পট্টা, মজুৰি বৃদ্ধি আৰু জনজাতিৰ মৰ্যাদা দিয়াৰ আশ্বাস দিছিল।
newznow.in