গুৱাহাটী, ১২ নৱেম্বৰ: চাহ জনগোষ্ঠীৰ ভূমি পট্টা, জনজাতিৰ মৰ্যাদা আৰু দৈনিক মজুৰি বৃদ্ধিকে ধৰি দীৰ্ঘদিনীয়া দাবীসমূহ শীঘ্ৰে পূৰণৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।

বিভিন্ন জিলাত শতাধিক প্ৰতিবাদকাৰীয়ে ৰাজপথলৈ ওলাই ‘আমাক ভূমি পট্টা লাগে’, ‘আটছা জিন্দাবাদ’ আদি শ্লোগান দিয়ে। তেওঁলোকৰ হাতত ‘আমাৰ দাবী মানি লওক’ লিখা প্লেকাৰ্ডো দেখা যায়।

১৩ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বনাথ জিলা ভ্ৰমণৰ পূৰ্বে বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। শদিয়া উপ-জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো আটছাৰ তলাপ শাখা সমিতিয়ে একেধৰণৰ প্ৰতিবাদ কৰে।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকসকলক ভূমি পট্টা, মজুৰি বৃদ্ধি আৰু জনজাতিৰ মৰ্যাদা দিয়াৰ আশ্বাস দিছিল। কিন্তু বছৰ পাৰ হোৱাৰ পিছতো এই আশ্বাসসমূহ কাৰ্যকৰী হোৱা নাই বুলি তেওঁলোকে কয়।

নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলক ভূমি পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আমি সেই প্ৰতিশ্ৰুতিত বিশ্বাস কৰিছিলোঁ, কিন্তু আমাৰ দীৰ্ঘদিনীয়া দাবী এতিয়াও পূৰণ নহ’ল। আমাৰ প্ৰাপ্য মৰ্যাদা আৰু স্বীকৃতিও দিয়া হোৱা নাই বুলি এগৰাকী প্ৰতিবাদকাৰীয়ে কয়।

আটছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা সদিয়াৰ ৰমেন দাসে কয় যে, মজুৰি, ভূমিৰ অধিকাৰ আৰু জনজাতিৰ মৰ্যাদাৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে চাহ জনগোষ্ঠীয়ে বছৰ বছৰ ধৰি অপেক্ষা কৰি আছে। দাবীসমূহ শীঘ্ৰে পূৰণ নহ’লে অসমৰ বাহিৰলৈ দিছপুৰ আৰু দিল্লীলৈকে আন্দোলন সম্প্ৰসাৰণ কৰিবলৈ বাধ্য হ’ব বুলি তেওঁ সকীয়াই দিয়ে।