জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ডাচ্ছান-মাৰৱাহ অঞ্চলত সন্ধানহীন হৈ থকা দুজন বিশেষ আৰক্ষী বিষয়াৰ মৃতদেহ উদ্ধাৰ হৈছে।
কিস্তৱাৰ, ১২ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ডাচ্ছান-মাৰৱাহ অঞ্চলত সন্ধানহীন হৈ থকা দুজন বিশেষ আৰক্ষী বিষয়া (এছপিঅ’)ৰ মৃতদেহ উদ্ধাৰ হৈছে।
মৃত দুই আৰক্ষী বিষয়াক ৰশপাল কুমাৰ আৰু বাবি চান্দ বুলি চিনাক্ত কৰা হৈছে।
তেওঁলোকৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ সৈতে জড়িত লোকসকলৰ পৰিচয় সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে।
কিস্তৱাৰৰ দুৰ্গম পাহাৰীয়া অঞ্চল আৰু ঘন অৰণ্যত সন্ত্ৰাসবাদীৰ উপস্থিতিক লৈ নিৰাপত্তা বাহিনী দীৰ্ঘদিন ধৰি সতৰ্ক হৈ আছে।
newznow.in