কিস্তৱাৰ, ১২ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ডাচ্ছান-মাৰৱাহ অঞ্চলত সন্ধানহীন হৈ থকা দুজন বিশেষ আৰক্ষী বিষয়া (এছপিঅ’)ৰ মৃতদেহ উদ্ধাৰ হৈছে। বৃহস্পতিবাৰে পুৱা মৃতদেহ দুটা উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
মৃত দুই আৰক্ষী বিষয়াক ৰশপাল কুমাৰ আৰু বাবি চান্দ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, তেওঁলোক এদিন পূৰ্বে সন্ধানহীন হৈছিল।
তেওঁলোকৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ সৈতে জড়িত লোকসকলৰ পৰিচয় সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে।
কিস্তৱাৰৰ দুৰ্গম পাহাৰীয়া অঞ্চল আৰু ঘন অৰণ্যত সন্ত্ৰাসবাদীৰ উপস্থিতিক লৈ নিৰাপত্তা বাহিনী দীৰ্ঘদিন ধৰি সতৰ্ক হৈ আছে। চলিত বৰ্ষত অঞ্চলটোত ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযানকাৰী দল আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সৈতে সন্ত্ৰাসবাদীৰ কেইবাটাও সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে।
চোৰাংচোৱা সংস্থাসমূহৰ তথ্য অনুসৰি, জৈছ-ই-মহম্মদৰ এটা সন্ত্ৰাসবাদী গোট কিস্তৱাৰৰ ওপৰৰ পাহাৰীয়া অঞ্চলত সক্ৰিয় হৈ থকাৰ আশংকা কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা কাঠুৱা হৈ ডোডা আৰু কিস্তৱাৰৰ পাহাৰীয়া অঞ্চললৈ সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ সম্ভাৱনাও নিৰাপত্তা সংস্থাসমূহে বিবেচনা কৰি আহিছে।
ইফালে, সন্ত্ৰাসবাদীক খাদ্য, মোবাইল ফোন আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি সহায় কৰাৰ অভিযোগত স্থানীয় সহযোগী গোটৰ ভূমিকাক লৈও নিৰাপত্তা সংস্থাসমূহ সতৰ্ক হৈ আছে।