অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ কন্যা হৰ্ষিতাক হত্যাৰ ভাবুকি দি ৭ কোটি টকা দাবী কৰাৰ অভিযোগত মোহালীত গোচৰ ৰুজু কৰা হৈছে।
নতুন দিল্লী, ১২ নৱেম্বৰ: দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ কন্যা হৰ্ষিতা কেজৰিৱালক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে।
আম আদমী পাৰ্টিৰ দিল্লীৰ তিলক নগৰ সমষ্টিৰ বিধায়ক জৰনেইল সিঙে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে।
ফোন কৰা ব্যক্তিজনে নিজকে লৰেন্স বিষ্ণোই গেঙৰ সদস্য বুলি পৰিচয় দি কেজৰিৱালক ৭ কোটি টকা দিবলৈ ক’বলৈ বিধায়কগৰাকীক নিৰ্দেশ দিছিল।
জৰনেইল সিঙে ৬ নৱেম্বৰত পঞ্জাৱৰ মোহালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে।
newznow.in