নতুন দিল্লী, ১২ নৱেম্বৰ: দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ কন্যা হৰ্ষিতা কেজৰিৱালক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। নিজকে লৰেন্স বিষ্ণোই গেঙৰ সদস্য বুলি পৰিচয় দিয়া এজন অচিনাক্ত ব্যক্তিয়ে ৭ কোটি টকা দাবী কৰাৰ অভিযোগ আছে।
আম আদমী পাৰ্টিৰ দিল্লীৰ তিলক নগৰ সমষ্টিৰ বিধায়ক জৰনেইল সিঙে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে। অভিযোগ অনুসৰি, ৬ নৱেম্বৰত বিধায়কগৰাকীৰ ব্যক্তিগত ম’বাইল নম্বৰলৈ এটা ফোন আহিছিল।
ফোন কৰা ব্যক্তিজনে নিজকে লৰেন্স বিষ্ণোই গেঙৰ সদস্য বুলি পৰিচয় দি কেজৰিৱালক ৭ কোটি টকা দিবলৈ ক’বলৈ বিধায়কগৰাকীক নিৰ্দেশ দিছিল। ধন নিদিলে অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ কন্যা হৰ্ষিতাক হত্যা কৰা হ’ব বুলি তেওঁ ভাবুকি দিছিল বুলি অভিযোগত উল্লেখ কৰা হৈছে। একেটা নম্বৰৰ পৰা হোৱাটছএপযোগেও ধনৰ দাবী আৰু হত্যাৰ ভাবুকি প্ৰেৰণ কৰা হৈছিল বুলি জনোৱা হৈছে।
জৰনেইল সিঙে ৬ নৱেম্বৰত পঞ্জাৱৰ মোহালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে। অভিযোগৰ ভিত্তিত মোহালীৰ চাইবাৰ অপৰাধ আৰক্ষী থানাত অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰা আৰু তথ্য-প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
উক্ত ঘটলাৰ তদন্তৰ দায়িত্ব চাইবাৰ অপৰাধ আৰক্ষী থানাৰ পৰিদৰ্শক সুনীল কুমাৰক দিয়া হৈছে। আৰক্ষীয়ে ভাবুকি প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা ম’বাইল নম্বৰটোৰ কল ডিটেইলছ ৰেকৰ্ড, ইণ্টাৰনেট প্ৰট’কল লগ আৰু অৱস্থান-সংক্ৰান্তীয় তথ্য পৰীক্ষা কৰি আছে। ভাবুকি প্ৰেৰণ কৰা ব্যক্তিজনৰ প্ৰকৃত পৰিচয় নিৰ্ণয়ৰ বাবেও তদন্ত চলোৱা হৈছে।
ইফালে, জৰনেইল সিঙে কেজৰিৱাল আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট নিৰাপত্তা সংস্থাসমূহৰ মাজত সমন্বয় স্থাপনৰ দাবী জনাইছে। ভাবুকি প্ৰেৰণ কৰা ব্যক্তিজনৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই দিশতো তদন্তৰ আহ্বান জনাইছে বিধায়কগৰাকীয়ে। অৱশ্যে ফোন কৰা ব্যক্তিজনৰ সৈতে লৰেন্স বিষ্ণোই গেঙৰ প্ৰকৃত সম্পৰ্ক এতিয়াও নিশ্চিত হোৱা নাই।