নাগপুৰৰ দীপাৱলী মিলন অনুষ্ঠানত আৰএছএছৰ প্ৰধান মোহন ভাগৱতে উৎসৱ-সম্পৰ্কীয় পৰম্পৰাৰ আঁৰত বৈজ্ঞানিক যুক্তি থকা বুলি কয়।
নাগপুৰ, ১২ নৱেম্বৰ: পূৰ্বৰ সময়ত ব্যৱহাৰ কৰা ফটকাত আজিৰ দৰে ৰাসায়নিক পদাৰ্থ নাছিল আৰু সেই ফটকাৰ ধোঁৱাই বায়ুমণ্ডল বিশুদ্ধ কৰাত সহায় কৰিছিল বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ…
বুধবাৰে নাগপুৰত অনুষ্ঠিত ‘দীপাৱলী মিলন’ অনুষ্ঠানত ভাষণ দি ভাগৱতে কয় যে ভাৰতীয় উৎসৱ-পাৰ্বণৰ সৈতে জড়িত বহু পৰম্পৰাৰ আঁৰত বৈজ্ঞানিক যুক্তি আছে।
ভাগৱতে কয় যে পূৰ্বৰ সময়ত ফটকা প্ৰস্তুত কৰোঁতে বৰ্তমানৰ দৰে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহৈছিল।
অনুষ্ঠানত তেওঁ পৰম্পৰাগতভাৱে ঘিউ বা তেলেৰে চাকি জ্বলোৱাৰ বিষয়টোও উল্লেখ কৰে।
newznow.in