নাগপুৰ, ১২ নৱেম্বৰ: পূৰ্বৰ সময়ত ব্যৱহাৰ কৰা ফটকাত আজিৰ দৰে ৰাসায়নিক পদাৰ্থ নাছিল আৰু সেই ফটকাৰ ধোঁৱাই বায়ুমণ্ডল বিশুদ্ধ কৰাত সহায় কৰিছিল বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) প্ৰধান মোহন ভাগৱতে।
বুধবাৰে নাগপুৰত অনুষ্ঠিত ‘দীপাৱলী মিলন’ অনুষ্ঠানত ভাষণ দি ভাগৱতে কয় যে ভাৰতীয় উৎসৱ-পাৰ্বণৰ সৈতে জড়িত বহু পৰম্পৰাৰ আঁৰত বৈজ্ঞানিক যুক্তি আছে। অতীতত ফটকাৰ ধোঁৱাই বিশেষকৈ শস্য চপোৱাৰ সময়ত কীট-পতংগ নিধন কৰি পৰিৱেশ পৰিষ্কাৰ কৰাত সহায় কৰিছিল বুলিও তেওঁ মন্তব্য কৰে।
ভাগৱতে কয় যে পূৰ্বৰ সময়ত ফটকা প্ৰস্তুত কৰোঁতে বৰ্তমানৰ দৰে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহৈছিল। সেই সময়ত ফটকা ব্যৱহাৰৰ আঁৰত এক নিৰ্দিষ্ট উদ্দেশ্য আছিল আৰু বিকল্প ব্যৱস্থা নথকাৰ বাবেই এনে প্ৰথাৰ প্ৰচলন হৈছিল।
অনুষ্ঠানত তেওঁ পৰম্পৰাগতভাৱে ঘিউ বা তেলেৰে চাকি জ্বলোৱাৰ বিষয়টোও উল্লেখ কৰে। তেওঁৰ মতে, এনে প্ৰথাৰ আঁৰতো বৈজ্ঞানিক কাৰণ নিহিত হৈ আছে।
পৰম্পৰাসমূহৰ প্ৰকৃত তাৎপৰ্য বুজি সঠিক মনোভাৱেৰে উৎসৱ পালন কৰিবলৈ আহ্বান জনাই আৰএছএছ প্ৰধানগৰাকীয়ে কয় যে এনে কৰিলে মানুহৰ লগতে পৰিৱেশৰো উপকাৰ হ’ব।
তেওঁ লগতে কয় যে উৎসৱে সমাজক সজীৱ কৰি ৰাখে। উৎসৱ বন্ধ কৰাৰ চেষ্টা কৰিলেও সমাজৰ পৰা সেইবোৰ আঁতৰ কৰিব পৰা নাযায়। দীপাৱলী কেৱল অন্ধকাৰৰ ওপৰত পোহৰৰ জয়ৰ প্ৰতীকেই নহয়, ই জ্ঞানৰ পোহৰ বিলাই এখন সমন্বয়পূৰ্ণ সমাজ গঢ়াৰো উৎসৱ।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দীপাৱলীৰ স্বীকৃতি বৃদ্ধি পোৱাৰ কথাও ভাষণত উল্লেখ কৰে ভাগৱতে। আমেৰিকা আৰু ব্ৰিটেইনৰ সংসদকে ধৰি বিভিন্ন দেশৰ প্ৰতিষ্ঠানত দীপাৱলী উদযাপনৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় লোকৰ বসতি থকা দেশসমূহত এই উৎসৱৰ শুভেচ্ছা জনোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে।