বিদেশী আদালতৰ বিবাহ বিচ্ছেদৰ ৰায় ভাৰতত স্বয়ংক্ৰিয়ভাৱে স্বীকৃত নহয় বুলি স্পষ্ট কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।
নতুন দিল্লী, ১২ নৱেম্বৰ: বিদেশী আদালতে প্ৰদান কৰা বিবাহ বিচ্ছেদৰ ৰায় ভাৰতত স্বয়ংক্ৰিয়ভাৱে বৈধ বুলি গণ্য কৰিব নোৱাৰি বুলি গুৰুত্বপূৰ্ণ ৰায় দিছে সৰ্বোচ্চ ন্যায়ালয়ে।
ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ শ্ৰী চন্দ্ৰশেখৰৰ বিচাৰপীঠে এন. শ্ৰীধৰ ৰেড্ডীৰ আবেদন খাৰিজ কৰি এই ৰায় দিয়ে।
ৰেড্ডীৰ যুক্তি আছিল, তেওঁ ব্ৰিটেইনৰ নাগৰিক আৰু কেম্ব্ৰিজ কাউণ্টি আদালতে তেওঁৰ প্ৰথম বিবাহ বিচ্ছেদৰ ৰায় দিছিল।
বিচাৰপীঠে কয় যে, ৰেড্ডীৰ প্ৰথম বিবাহ ভাৰতত হিন্দু ৰীতি-নীতি অনুসৰি সম্পন্ন হৈছিল।
newznow.in