নতুন দিল্লী, ১২ নৱেম্বৰ: বিদেশী আদালতে প্ৰদান কৰা বিবাহ বিচ্ছেদৰ ৰায় ভাৰতত স্বয়ংক্ৰিয়ভাৱে বৈধ বুলি গণ্য কৰিব নোৱাৰি বুলি গুৰুত্বপূৰ্ণ ৰায় দিছে সৰ্বোচ্চ ন্যায়ালয়ে। ভাৰতত হিন্দু ৰীতি-নীতি অনুসৰি প্ৰথম বিবাহ সম্পন্ন কৰাৰ পাছত বিদেশী নাগৰিকত্ব গ্ৰহণ কৰি আন এখন দেশৰ আদালতৰ পৰা বিবাহ বিচ্ছেদৰ ৰায় লাভ কৰিলেও ভাৰতীয় আইনৰ অধীনত দ্বিতীয় বিবাহৰ বাবে বহুবিবাহৰ গোচৰৰ সন্মুখীন হ'ব লাগিব পাৰে বুলি আদালতে কয়।

ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ শ্ৰী চন্দ্ৰশেখৰৰ বিচাৰপীঠে এন. শ্ৰীধৰ ৰেড্ডীৰ আবেদন খাৰিজ কৰি এই ৰায় দিয়ে। প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ বাতিলৰ আবেদন জনাইছিল ৰেড্ডীয়ে।

ৰেড্ডীৰ যুক্তি আছিল, তেওঁ ব্ৰিটেইনৰ নাগৰিক আৰু কেম্ব্ৰিজ কাউণ্টি আদালতে তেওঁৰ প্ৰথম বিবাহ বিচ্ছেদৰ ৰায় দিছিল। সেইবাবে ভাৰতত তেওঁৰ বিৰুদ্ধে বহুবিবাহৰ গোচৰ চলাব নোৱাৰি। কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে এই যুক্তি গ্ৰহণ নকৰিলে।

বিচাৰপীঠে কয় যে, ৰেড্ডীৰ প্ৰথম বিবাহ ভাৰতত হিন্দু ৰীতি-নীতি অনুসৰি সম্পন্ন হৈছিল। সেয়েহে সেই বিবাহৰ বৈধতা আৰু বিবাহ বিচ্ছেদৰ বিষয়টো নিষ্পত্তি কৰাৰ অধিকাৰ ভাৰতৰ উপযুক্ত বৈবাহিক আদালতৰহে আছে।

আদালতে উল্লেখ কৰে যে, ৰেড্ডীয়ে প্ৰথমে অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰৰ দেৱানী আদালতত বিবাহ বিচ্ছেদৰ আবেদন জনাইছিল। তাত প্ৰয়োজনীয় সকাহ নোপোৱাৰ পাছত তেওঁ উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল যদিও পিছত সেই আবেদন প্ৰত্যাহাৰ কৰে। ইয়াৰ পাছতে ব্ৰিটেইনৰ নাগৰিকত্ব গ্ৰহণ কৰি তেওঁ বিদেশী আদালতৰ কাষ চাপে।

কেম্ব্ৰিজ কাউণ্টি আদালতে ২০১৪ চনৰ ২৯ জানুৱাৰীত বিবাহৰ অপূৰণীয় ভাঙনৰ ভিত্তিত বিবাহ বিচ্ছেদৰ ৰায় দিছিল। কিন্তু হিন্দু বিবাহ আইনৰ অধীনত এই কাৰণটো নিজে নিজে বিবাহ বিচ্ছেদৰ স্বীকৃত আইনী ভিত্তি নহয় বুলি সৰ্বোচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে। দেৱানী প্ৰক্ৰিয়া সংহিতাৰ ১৩নং ধাৰাৰ অধীনত বিদেশী আদালতৰ ৰায় ভাৰতত গ্ৰহণযোগ্য হ'বলৈ নিৰ্দিষ্ট আইনী চৰ্ত পূৰণ কৰিব লাগিব বুলিও আদালতে কয়।

প্ৰথম পত্নী গীতা প্ৰশান্তিয়ে বিদেশী আদালতৰ অধিকাৰক্ষেত্ৰক লৈ আপত্তি উত্থাপন কৰিছিল বুলি উল্লেখ কৰি বিচাৰপীঠে কয় যে, সেই আদালতৰ বিবাহ বিচ্ছেদৰ ৰায় তেওঁৰ বিৰুদ্ধে বাধ্যতামূলক হ'ব নোৱাৰে। দ্বিতীয় বিবাহ বিদেশত সম্পন্ন হ'লেও প্ৰথম বিবাহৰ বৈধতা আৰু সেই বিবাহৰ পৰা সৃষ্টি হোৱা আইনী দায়বদ্ধতা উপেক্ষা কৰিব নোৱাৰি বুলিও আদালতে স্পষ্ট কৰে।

ভাৰতীয় দণ্ডবিধিৰ ৪৯৪নং ধাৰাৰ অধীনত প্ৰথম বিবাহ বাহাল থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিলে সাত বছৰলৈকে কাৰাদণ্ডৰ ব্যৱস্থা আছিল। ২০২৪ চনৰ পৰা কাৰ্যকৰী হোৱা ভাৰতীয় ন্যায় সংহিতাত এই অপৰাধৰ সমতুল্য ব্যৱস্থা ৮২নং ধাৰাত অন্তৰ্ভুক্ত কৰা হৈছে।