গোলাঘাটৰ নাহৰণিৰ বৰেঘৰীয়াৰ পৰা জাল পৰিচয়পত্ৰ ব্যৱহাৰ কৰি বাস কৰাৰ অভিযোগত মাসুক মিঞাক গ্ৰেপ্তাৰ কৰিছে দেৰগাঁও আৰক্ষীয়ে।
দেৰগাঁও: অসম আৰক্ষীয়ে গোলাঘাট জিলাৰ নাহৰণিৰ বৰেঘৰীয়াৰ পৰা বাংলাদেশত ১৯৯০ চনত সংঘটিত এক হত্যাকাণ্ডৰ অভিযুক্ত মাসুক মিঞাক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ অভিযোগ, বাংলাদেশত হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত তেওঁ দেশ এৰি ভাৰতৰ বিভিন্ন স্থানত আত্মগোপন কৰি আছিল।
তদন্তকাৰীয়ে জনোৱা মতে, ভাৰতত তেওঁৰ কোনো পৰিচয়পত্ৰই প্ৰকৃত নহয়।
দেৰগাঁও আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে, লোকজনে প্ৰায় ডেৰ বছৰ পূৰ্বে অঞ্চলটোত বাস কৰিবলৈ আহিছিল যদিও পাছত কিছুদিনৰ বাবে অন্তৰ্ধান হৈছিল।
newznow.in