দেৰগাঁও: অসম আৰক্ষীয়ে গোলাঘাট জিলাৰ নাহৰণিৰ বৰেঘৰীয়াৰ পৰা বাংলাদেশত ১৯৯০ চনত সংঘটিত এক হত্যাকাণ্ডৰ অভিযুক্ত মাসুক মিঞাক গ্ৰেপ্তাৰ কৰিছে। মাসুক আহমেদ নামেৰেও পৰিচিত লোকজনক বুধবাৰ গভীৰ নিশা আটক কৰা হয়।
আৰক্ষীৰ অভিযোগ, বাংলাদেশত হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত তেওঁ দেশ এৰি ভাৰতৰ বিভিন্ন স্থানত আত্মগোপন কৰি আছিল। অসমত তেওঁ ফাৰুক আহমেদ নাম লৈ জাল নথিপত্ৰৰ সহায়ত বাস কৰিছিল।
তদন্তকাৰীয়ে জনোৱা মতে, ভাৰতত তেওঁৰ কোনো পৰিচয়পত্ৰই প্ৰকৃত নহয়। প্ৰাৰম্ভিক জেৰাত তেওঁ ২০০৫ চনত ২ লাখ টকাত জাল নথিপত্ৰ সংগ্ৰহ কৰাৰ কথা স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে দাবী কৰিছে। তেওঁৰ এজন খুৰাকৰ পুতেকে এই নথিপত্ৰৰ ব্যৱস্থা কৰিছিল বুলিও অভিযোগ উঠিছে।
দেৰগাঁও আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে, লোকজনে প্ৰায় ডেৰ বছৰ পূৰ্বে অঞ্চলটোত বাস কৰিবলৈ আহিছিল যদিও পাছত কিছুদিনৰ বাবে অন্তৰ্ধান হৈছিল। ব্যৱসায়ৰ বাবে বহু লোক অহা-যোৱা কৰাত তেওঁ বাংলাদেশী হ'ব পাৰে বুলি প্ৰথমে সন্দেহ কৰা হোৱা নাছিল। প্ৰায় ছমাহ পিছত গাঁওবাসীয়ে বাংলাদেশৰ পৰা পোৱা এক তথ্যত তেওঁৰ নাম আৰু অসমলৈ পলায়ন কৰি নাহৰণিত বসতি স্থাপনৰ কথা জানিব পাৰে।
তিনি দিন পূৰ্বে গাঁওবাসীয়ে তেওঁক পুনৰ দেখা পাই আৰক্ষীক খবৰ দিয়ে। আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বসন্ত হাজৰিকা আৰু সীমান্তৰ ডিএছপিৰ লগত যোগাযোগ কৰাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
গাঁওবাসীয়ে বাংলাদেশ আৰক্ষীয়ে তেওঁক পূৰ্বতেও গ্ৰেপ্তাৰ কৰিছিল বুলি তথ্য দিছিল। সম্প্ৰতি আৰক্ষীয়ে লোকজনক বিস্তৃতভাৱে জেৰা অব্যাহত ৰাখিছে।