ছোনিয়া গান্ধীক লৈ বিজেপি, আৰএছএছ আৰু বহু লোকে দশকজুৰি মিছা কথা প্ৰচাৰ কৰি আহিছে বুলি কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই অভিযোগ কৰিছে।
নিজৰ মাতৃ ছোনিয়া গান্ধীৰ এতিয়া নিজৰ কাহিনী কোৱাৰ অধিকাৰ আছে বুলি কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই মন্তব্য কৰে।
প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই কয় যে, ভাৰতত তেওঁৰ মাতৃৰ প্ৰাপ্তবয়স্ক জীৱনজুৰি বিজেপি, আৰএছএছ আৰু বহু লোকে ছোনিয়া গান্ধীক লৈ নিজৰ ইচ্ছামতে বহু কথা কৈ আহিছে।
দীৰ্ঘদিন ধৰি ছোনিয়া গান্ধীক লৈ মিছা কথা কোৱা হৈছিল বুলি উল্লেখ কৰি প্ৰিয়ংকাই কয় যে, এতিয়া তেওঁৰ মাতৃয়ে সত্য কথা কোৱাত সমালোচনা হোৱাটো স্বাভাৱিক।
ছোনিয়া গান্ধীৰ গ্ৰন্থখন মঙলবাৰৰ পৰা বিক্ৰীৰ বাবে উপলব্ধ হৈছে।
newznow.in