নিজৰ মাতৃ ছোনিয়া গান্ধীৰ এতিয়া নিজৰ কাহিনী কোৱাৰ অধিকাৰ আছে বুলি কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই মন্তব্য কৰে। ছোনিয়া গান্ধীৰ গ্ৰন্থখনক লৈ হোৱা সমালোচনাৰ প্ৰতিক্ৰিয়াত তেওঁ এই কথা কয়।

প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই কয় যে, ভাৰতত তেওঁৰ মাতৃৰ প্ৰাপ্তবয়স্ক জীৱনজুৰি বিজেপি, আৰএছএছ আৰু বহু লোকে ছোনিয়া গান্ধীক লৈ নিজৰ ইচ্ছামতে বহু কথা কৈ আহিছে। তেওঁৰ মাতৃক লৈ মিছা কথা কোৱা, মনেসজা কাহিনী ৰচনা কৰা আৰু বিভিন্ন কথা উদ্ভাৱন কৰাৰ অভিযোগো তেওঁ তোলে।

“এতিয়া তেওঁ নিজৰ কাহিনী কৈছে। নিজৰ কাহিনী কোৱাৰ অধিকাৰ তেওঁৰ আছে। তেওঁলোকে গ্ৰন্থখন পঢ়িছে, সেয়া ভাল কথা,” বুলি প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই কয়।

দীৰ্ঘদিন ধৰি ছোনিয়া গান্ধীক লৈ মিছা কথা কোৱা হৈছিল বুলি উল্লেখ কৰি প্ৰিয়ংকাই কয় যে, এতিয়া তেওঁৰ মাতৃয়ে সত্য কথা কোৱাত সমালোচনা হোৱাটো স্বাভাৱিক।

ছোনিয়া গান্ধীৰ গ্ৰন্থখন মঙলবাৰৰ পৰা বিক্ৰীৰ বাবে উপলব্ধ হৈছে। গ্ৰন্থখনত যুদ্ধোত্তৰ ইটালীত তেওঁৰ শৈশৱ, কেম্ব্ৰিজত ৰাজীৱ গান্ধীৰ সৈতে সাক্ষাৎ, ভাৰতত তেওঁৰ জীৱন আৰু দেশখনৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা উল্লেখ আছে।