আগন্তুক জাতিগণনাত ধৰ্ম, জাতি আৰু ভাষাৰ তথ্য সঠিকভাৱে লিপিবদ্ধ কৰিবলৈ আহ্বান
আগন্তুক জাতিগণনাত আহোমসকলৰ ধৰ্ম, জাতি আৰু ভাষাৰ পৰিচয় সঠিকভাৱে লিপিবদ্ধ কৰিবলৈ বিভিন্ন আহোম সংগঠনে আহ্বান জনাইছে।
সংগঠনকেইটাই টাই-আহোম সমাজৰ লোকসকলক ধৰ্মৰ স্থানত ‘ফী-ডাম’, জাতিৰ স্থানত ‘ টাই-আহোম’ আৰু ভাষাৰ স্থানত ‘অসমীয়া আৰু টাই’ লিখিবলৈ বিনম্ৰ অনুৰোধ জনাইছে।
আহোমসকলৰ প্ৰকৃত জনসংখ্যা নিৰূপণ হ'লে জাতিটোৰ পৰিচয় আৰু অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি সংগঠনসমূহে কয়।
ইফালে, আহোমসকলৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰিছে সংগঠনসমূহে।
newznow.in