আগন্তুক জাতিগণনাত আহোমসকলৰ ধৰ্ম, জাতি আৰু ভাষাৰ পৰিচয় সঠিকভাৱে লিপিবদ্ধ কৰিবলৈ বিভিন্ন আহোম সংগঠনে আহ্বান জনাইছে। সংগঠনসমূহে অসমত ৬০ লাখ আহোম লোক থকা বুলি দাবী কৰি জাতিগণনাৰ জৰিয়তে তেওঁলোকৰ প্ৰকৃত সংখ্যা নিৰূপণ হ'ব বুলি আশা প্ৰকাশ কৰিছে।
সংগঠনকেইটাই টাই-আহোম সমাজৰ লোকসকলক ধৰ্মৰ স্থানত ‘ফী-ডাম’, জাতিৰ স্থানত ‘ টাই-আহোম’ আৰু ভাষাৰ স্থানত ‘অসমীয়া আৰু টাই’ লিখিবলৈ বিনম্ৰ অনুৰোধ জনাইছে। সংগঠনসমূহৰ মতে, টাই-আহোমসকলৰ জাতিগত পৰিচয় টাই-আহোম, ধৰ্মীয় পৰিচয় ফী-ডাম আৰু ভাষিক পৰিচয় টাই অথবা অসমীয়া।
আহোমসকলৰ প্ৰকৃত জনসংখ্যা নিৰূপণ হ'লে জাতিটোৰ পৰিচয় আৰু অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি সংগঠনসমূহে কয়। বিশেষ অৰ্থনৈতিক পেকেজ, ৰাজনৈতিক অধিকাৰ আৰু বিভিন্ন সুবিধা লাভৰ ক্ষেত্ৰতো এই তথ্য গুৰুত্বপূৰ্ণ হ'ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে।
ইফালে, আহোমসকলৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰিছে সংগঠনসমূহে। তেওঁলোকৰ অভিযোগ অনুসৰি, আহোম সংগঠনসমূহৰ উমৈহতীয়া বৈঠকত মুখ্যমন্ত্ৰীয়ে বিধানসভা নিৰ্বাচনৰ পিছতে জনজাতিকৰণৰ প্ৰক্ৰিয়া আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু প্ৰায় ছমাহ পাৰ হোৱাৰ পিছতো এই সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা কোনো উল্লেখযোগ্য অগ্ৰগতি বা আলোচনা হোৱা নাই বুলি তেওঁলোকে অভিযোগ কৰে।
সংগঠনকেইটাই মুখ্যমন্ত্ৰীক আহোমসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। কেৱল প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে বাস্তৱ পদক্ষেপ গ্ৰহণৰ দাবীও উত্থাপন কৰে তেওঁলোকে।
আনহাতে, টাই আহোম যুৱ পৰিষদে অহা ২৩ আৰু ২৪ নৱেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে মহাবীৰ লাচিত দিৱস আয়োজন কৰাৰ কথা ঘোষণা কৰে। এইবাৰৰ মহাবীৰ লাচিত বঁটা মাৰ্চাল নগেন হাজৰিকাক প্ৰদান কৰা হ'ব বুলি সংগঠনটোৱে জনায়। ২০১২ চনৰ পৰা এই বঁটা প্ৰৱৰ্তন কৰি অহা হৈছে বুলিও উল্লেখ কৰে। অনুষ্ঠানটিত সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে আয়োজকসকলে।