অসমত SSR ২০২৭ৰ অধীনত ২.৫১ কোটি ভোটাৰৰ খচৰা তালিকা প্ৰকাশ।
গুৱাহাটী, ১২ নৱেম্বৰ: ২০২৭ চনৰ বিশেষ সংক্ষিপ্ত ভোটাৰ তালিকা সংশোধন (SSR) প্ৰক্ৰিয়াৰ অধীনত বৃহস্পতিবাৰে অসমৰ খচৰা ফটো ভোটাৰ তালিকা প্ৰকাশ কৰা হয়।
মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, অসমৰ তথ্য অনুসৰি, খচৰা তালিকাত ১,২৫,৮৭,৬৫০জন পুৰুষ, ১,২৫,৮৮,৯৩৯গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ৩২১জন ভোটাৰ আছে।
কামৰূপ মহানগৰ জিলাত মুঠ ভোটাৰৰ সংখ্যা ১০,৬১,৩৫২জন।
ৰাজ্যিক পৰ্যায়ত খচৰা তালিকাত ২,০৫,৯৬২জন বিশেষভাৱে সক্ষম ভোটাৰ, ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ২,৮৭,২৩৩জন যুৱ ভোটাৰ আৰু ৮৫ বছৰ বা তাতকৈ অধিক বয়সৰ ১,২২,১৯৮জন ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে।
newznow.in