গুৱাহাটী, ১২ নৱেম্বৰ: ২০২৭ চনৰ বিশেষ সংক্ষিপ্ত ভোটাৰ তালিকা সংশোধন (SSR) প্ৰক্ৰিয়াৰ অধীনত বৃহস্পতিবাৰে অসমৰ খচৰা ফটো ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টি সামৰি প্ৰকাশ কৰা এই তালিকাত মুঠ ২,৫১,৭৬,৯১০জন ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে।

মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, অসমৰ তথ্য অনুসৰি, খচৰা তালিকাত ১,২৫,৮৭,৬৫০জন পুৰুষ, ১,২৫,৮৮,৯৩৯গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ৩২১জন ভোটাৰ আছে। ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাৰ তুলনাত ভোটাৰৰ সংখ্যা ২,১৮,৭১১জন বৃদ্ধি পাইছে।

কামৰূপ মহানগৰ জিলাত মুঠ ভোটাৰৰ সংখ্যা ১০,৬১,৩৫২জন। জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত দিছপুৰত সৰ্বাধিক ২,৪৬,৩৬৭জন ভোটাৰ আছে। ডিমৰীয়াত ২,১৯,৬৩৫জন, জালুকবাৰীত ২,০৯,১৩৩জন, গুৱাহাটী কেন্দ্ৰীয়ত ১,৯৩,৪৪২জন আৰু নিউ গুৱাহাটীত ১,৯২,৭৭৫জন ভোটাৰ আছে।

ৰাজ্যিক পৰ্যায়ত খচৰা তালিকাত ২,০৫,৯৬২জন বিশেষভাৱে সক্ষম ভোটাৰ, ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ২,৮৭,২৩৩জন যুৱ ভোটাৰ আৰু ৮৫ বছৰ বা তাতকৈ অধিক বয়সৰ ১,২২,১৯৮জন ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। ৰাজ্যখনত মুঠ ৩১,৫১৬টা ভোটগ্ৰহণ কেন্দ্ৰ আছে।

নিৰ্বাচন আয়োগে ভোটাৰসকলক খচৰা তালিকাত নিজৰ নাম আৰু তথ্য পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। নাম অন্তৰ্ভুক্ত নোহোৱা বা তথ্যত ভুল থাকিলে ১২ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰ, ২০২৬লৈকে দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব।

ভোটাৰসকলৰ সুবিধাৰ্থে ২১ আৰু ২২ নৱেম্বৰ তথা ৫ আৰু ৬ ডিচেম্বৰত বিশেষ অভিযান চলোৱা হ’ব। দাবী আৰু আপত্তি নিষ্পত্তিৰ অন্তিম তাৰিখ ২৮ ডিচেম্বৰ। চূড়ান্ত ভোটাৰ তালিকা ২০২৭ চনৰ ৪ জানুৱাৰীত প্ৰকাশ কৰাৰ কথা নিৰ্ধাৰণ কৰা হৈছে।