মণিপুৰৰ খচৰা ভোটাৰ তালিকাত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ ৫৫,৪৩৭গৰাকী অধিক।
ইম্ফল, ১২ নৱেম্বৰ: আগন্তুক ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে মণিপুৰত বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়াৰ অধীনত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে।
তালিকাখনত পুৰুষ ভোটাৰৰ সংখ্যা ৯,৬৯,২৯৮গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ১০,২৪,৭৩৫গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৩২৪গৰাকী।
চলিত বৰ্ষৰ ৬ ছেপ্টেম্বৰত বিশেষ নিবিড় সংশোধন প্ৰক্ৰিয়াৰ পাছত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাৰ তুলনাত নতুন খচৰা তালিকাত প্ৰায় ৩৩,৭০০গৰাকী ভোটাৰ বৃদ্ধি পাইছে।
বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়াত ১ জানুৱাৰী, ২০২৭ক যোগ্যতাৰ ভিত্তি তাৰিখ হিচাপে ধৰা হৈছে।
newznow.in