ইম্ফল, ১২ নৱেম্বৰ: আগন্তুক ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে মণিপুৰত বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়াৰ অধীনত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ৰাজ্যখনৰ ৬০টা বিধানসভা সমষ্টিৰ এই তালিকাত মুঠ ১৯,৯৪,৩৫৭গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে।
তালিকাখনত পুৰুষ ভোটাৰৰ সংখ্যা ৯,৬৯,২৯৮গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ১০,২৪,৭৩৫গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৩২৪গৰাকী। পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা ৫৫,৪৩৭গৰাকী অধিক। ৰাজ্যখনৰ ১৬খন জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিতে মহিলা ভোটাৰৰ সংখ্যা পুৰুষ ভোটাৰতকৈ অধিক বুলি যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া লোকেশ্বৰ ব্ৰহ্মচাৰীমায়ুমে জনাইছে।
চলিত বৰ্ষৰ ৬ ছেপ্টেম্বৰত বিশেষ নিবিড় সংশোধন প্ৰক্ৰিয়াৰ পাছত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাৰ তুলনাত নতুন খচৰা তালিকাত প্ৰায় ৩৩,৭০০গৰাকী ভোটাৰ বৃদ্ধি পাইছে। পূৰ্বৰ বিশেষ নিবিড় সংশোধন প্ৰক্ৰিয়াত ১.৮৯ লাখ নাম কৰ্তন কৰাৰ বিপৰীতে ৫৬,৮৭১গৰাকী নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। সেই প্ৰক্ৰিয়াৰ অন্তত চূড়ান্ত তালিকাত ভোটাৰৰ সংখ্যা আছিল প্ৰায় ১৯.৬০ লাখ।
বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়াত ১ জানুৱাৰী, ২০২৭ক যোগ্যতাৰ ভিত্তি তাৰিখ হিচাপে ধৰা হৈছে। এই তাৰিখৰ ভিতৰত ১৮ বছৰ সম্পূৰ্ণ কৰা আৰু অন্যান্য নিৰ্ধাৰিত চৰ্ত পূৰণ কৰা যোগ্য নাগৰিকে ভোটাৰ হিচাপে নাম পঞ্জীয়নৰ বাবে আবেদন কৰিব পাৰিব।
খচৰা ভোটাৰ তালিকাক লৈ ১২ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰ, ২০২৬লৈকে দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব। দাখিল কৰা দাবী-আপত্তিসমূহ ২৮ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ৪ জানুৱাৰী, ২০২৭ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব।
ভোটাৰ পঞ্জীয়ন প্ৰক্ৰিয়াত সহায়ৰ বাবে ৰাজ্যখনৰ ১৬খন জিলাতে সহায়ক কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা যোগ্য ব্যক্তি, প্ৰথমবাৰৰ বাবে ভোটাৰ হ'বলগীয়া যুৱক-যুৱতী আৰু পিছপৰা তথা প্ৰান্তীয় শ্ৰেণীৰ লোকসকলক সহায় কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
খচৰা তালিকা প্ৰকাশৰ দিনাই স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সংশোধন প্ৰক্ৰিয়াৰ সময়সূচী আৰু ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰা হয়। ভোটাৰসকলক খচৰা তালিকাত নিজৰ নাম আৰু ব্যক্তিগত তথ্য পৰীক্ষা কৰি ভুল থাকিলে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত দাবী বা আপত্তি দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে।