লেহ জিলা প্ৰশাসনে সোনম ৱাংচুকক ৬০ দিনলৈ অননুমোদিত মিছিল, জমায়েত আৰু প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাত বাধা দিছে।
লেহ, ১২ নৱেম্বৰ: লাদাখৰ লেহ জিলা প্ৰশাসনে পৰিৱেশকৰ্মী তথা শিক্ষাবিদ সোনম ৱাংচুকৰ বিৰুদ্ধে ৬০ দিনৰ নিষেধাজ্ঞা জাৰি কৰিছে।
নিৰ্দেশ অনুসৰি, অহা ৬০ দিনলৈ ৱাংচুকে লেহ জিলাত কোনো অননুমোদিত মিছিল, জমায়েত বা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব।
প্ৰশাসনিক সূত্ৰই জনোৱা মতে, আৰক্ষী বিষয়াসকলে জনতাক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছিল।
প্ৰশাসনে আশংকা প্ৰকাশ কৰিছে যে ৱাংচুকে ভৱিষ্যতে প্ৰতিবাদ, অনশন বা জনসমাৱেশত অংশগ্ৰহণ কৰিলে অঞ্চলটোৰ শান্তি-শৃংখলা পুনৰ বিঘ্নিত হ'ব পাৰে।
newznow.in